
তামুলপুৰ, ১৪ জুলাই (হি.স.)। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু তামুলপুৰ জিলা প্ৰশাসনৰ সহযোগত তামুলপুৰ বিধানসভা সমষ্টি ভিত্তিক গ্ৰীষ্মকালীন সংগীত আৰু নাট কৰ্মশালাৰ আজিৰে পৰা শুভাৰম্ভ হয়। অহা ২৮ জুলাইলৈকে চলিবলগীয়া এই দুয়োখন কৰ্মশালাৰ লক্ষ্য হৈছে ছাত্ৰ-ছাত্ৰী সকলৰ মাজত সাংস্কৃতিক চেতনা, সৃষ্টিশীলতা আৰু শিল্প-সাধনাৰ প্ৰতি আগ্ৰহ বৃদ্ধি কৰা। তামুলপুৰ জনছ মিউজিক একাডেমীৰ আয়োজিত সংগীত কৰ্মশালাৰ উদ্বোধনী অনুষ্ঠানত তামুলপুৰ জিলাৰ সহকাৰী আয়ুক্ত অনুপম ডেকা, তামুলপুৰ শাখা সাহিত্য সভাৰ সম্পাদক অনুপ নাথ, সাংস্কৃতিক কৰ্মী ফুলেন মুছাহাৰী, তামুলপুৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া অৰুঞ্জয় খুংগুৰ বসুমতাৰী আৰু সাংস্কৃতিক উন্নয়ন বিষয়া সিদ্ধাৰ্থ কুমাৰ দাস উপস্থিত থাকে।
অনুষ্ঠানৰ আৰম্ভণিতে বিষ্ণু প্ৰসাদ ৰাভা, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, ড° ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। অনুষ্ঠানত ভাষণ দি সহকাৰী আয়ুক্ত অনুপম ডেকাই কয় যে তামুলপুৰৰ সৈতে বিষ্ণু প্ৰসাদ ৰাভা আৰু প্ৰয়াত জুবিন গাৰ্গৰ গভীৰ সম্পৰ্ক আছিল। সেই ঐতিহ্যক আগুৱাই নিয়াৰ উদ্দেশ্যে ছাত্ৰ-ছাত্ৰী সকলে এই কৰ্মশালাত আন্তৰিকতাৰে অংশগ্ৰহণ কৰি সংগীতৰ ক্ষেত্ৰত নিজৰ প্ৰতিভা বিকাশ কৰিব লাগে। লগতে তেওঁ গ্ৰীষ্মকালীন অৱকাশৰ সময়ছোৱাক সৃজনশীল কামত ব্যয় কৰাৰ সুযোগ সৃষ্টি কৰাৰ বাবে অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগক ধন্যবাদ জ্ঞাপন কৰে। তামুলপুৰ শাখা সাহিত্য সভাৰ সম্পাদক অনুপ নাথেও ভাষণ দি অংশগ্ৰহণকাৰী ছাত্ৰ-ছাত্ৰী সকলক অভিনন্দন জনোৱাৰ লগতে কৰ্মশালাৰ সুফল গ্ৰহণ কৰিবলৈ আহ্বান জনায়।
উদ্বোধনী অনুষ্ঠানৰ অন্তত ছাত্ৰ-ছাত্ৰী সকলে বিভিন্ন সংগীত পৰিবেশন কৰি অনুষ্ঠানটি সজীৱ কৰি তোলে। ইফালে, সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু অসম নাট্য সন্মিলন, তামুলপুৰ শাখাৰ সহযোগত তামুলপুৰ চৰকাৰী মজলীয়া বিদ্যালয়ত ২৮ জুলাইলৈ চলিবলগীয়া নাট কৰ্মশালাৰো শুভাৰম্ভ হয়। তামুলপুৰ জিলাৰ দণ্ডাধীশ কুনাল পাঠকে আনুষ্ঠানিকভাৱে কৰ্মশালাখন উদ্বোধন কৰে।
তামুলপুৰ জিলা নাট্য সন্মিলনৰ সভাপতি চিন্ময় পাঠকে আঁত ধৰা অনুষ্ঠানত নটৰাজৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে বিটিচিৰ প্ৰাক্তন মনোনীত এমচিএলএল হেমন্ত কুমাৰ ৰাভাই। প্ৰায় ৫০ গৰাকী ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণেৰে আৰম্ভ হোৱা এই নাট কৰ্মশালাত কৰ্মশালা পৰিচালনা সমিতিৰ সদস্য অসীম ডেকা, সংগীত শিল্পী গিৰিশ চন্দ্ৰ মহন্ত, সহকাৰী আয়ুক্ত বিদিশা বৰা, সাংস্কৃতিক উন্নয়ন বিষয়া সিদ্ধাৰ্থ কুমাৰ দাস আৰু ৰত্নপীঠ মণ্ডল অসম নাট্য সন্মিলনৰ সভাপতি তথা অভিনেতা অভিজিৎ দাস উপস্থিত থাকে। কৰ্মশালাত প্ৰশিক্ষক হিচাপে এনএছডিৰ কুলদীপ চহৰীয়া, পৰিচালক মিন্টু কলিতা আৰু বুবিন্দ্ৰ মহন্তই প্ৰশিক্ষণ আগবঢ়াব।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু