
তিনিচুকীয়া, ১৪ জুলাই (হি.স.)। তিনিচুকীয়া জিলাৰ পেঙেৰীত সদৌ অসম ডাম্পাৰ মালিক সন্থাৰ উত্তাল প্ৰতিবাদ। অসম চৰকাৰৰ বন বিভাগৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে ডাম্পাৰ মালিক সন্থাই। বন বিভাগৰ অত্যাধিক কৰ সংগ্ৰহৰ বিৰুদ্ধে পেঙেৰী-বৰডুমচা পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ডাম্পাৰ মালিক সন্থাই।
ডাম্পাৰ মালিক সন্থাৰ বিষয়ববীয়া সকলে সংবাদ মাধ্য়মক অবগত কৰা অনুসৰি তেওলোকৰ ব্য়ৱসায়ত থলুৱা শিক্ষিত নিবনুৱা সকলে ঋণ লৈ একোখন ডাম্পাৰ ক্ৰয় কৰিি ব্য়ৱসায় কৰি আছে। কিন্ত শেহতীয়া ভাবে বন বিভাগে তেওলোকৰ ওপৰত জোৰ জুলুম বৃদ্ধি কৰাত যঠেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। তেওলোকে চালান কাটি সম্পুৰ্ণ বিভাগীয় নিতী অনুসৰি শিল ,বালি কঢ়িয়াই যদিও ডাম্পাৰত অতিৰিক্ত বনজ সামগ্ৰী থকাৰ অভিযোগত তেওলোকৰ পৰা অন্য়ায় ভাবে জৰিমণা বিহাৰ পিছত বৃহত লোকচানৰ সন্মুখীন হৈছে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু