
বৰপেটা, ১৪ জুলাই (হি.স.)। বৰপেটা ৰোডত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ, আৰক্ষীৰ তৎপৰতাত পলাতক সৰবৰাহকাৰী । বৰপেটা ৰোড চহৰৰ মাজমজিয়াৰ ভুচি বজাৰত শিৱ মন্দিৰত আজি পুৱা এক বৃহৎ পৰিমাণৰ নিষিদ্ধ গাঞ্জা জব্দ। আলী নামৰ ব্যক্তি এগৰাকীয়ে বৰপেটা ৰোডৰ ভুচি বজাৰৰ সমীপৰ শিৱ মন্দিৰত বিক্ৰীৰ বাবে আনিছিল গাঞ্জা খিনি।
আৰক্ষী অহাৰ খবৰ পাই গাঞ্জা খিনি এৰি পলাই পত্ৰং দিয়ে আলীয়ে। স্থানীয় ৰাইজৰ তৎপৰতা আৰু আৰক্ষীৰ ক্ষিপ্ৰতাৰ ফলত এক অঘটনৰ পৰা ৰক্ষা পৰে অঞ্চলটো।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু