
তিনিচুকিয়া, ১৪ জুলাই (হি.স.)। 'তেজ দিম মাটি নিদিও' ধ্বনিৰে মুখৰিত হৈ উঠিল পাটকাই গেট। বানবিধ্বস্ত লাইকাবাসীক ফানেং, কেনিয়াত চৰকাৰে সংস্থাপিত কৰিবলৈ লোৱা সিদ্ধান্তৰ বিৰুদ্ধে পথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ শতাধিক স্থানীয় ৰাইজৰ।
বৃহত্তৰ ফানেং, কেনিয়া, বালিজান গাঁও ভূমি সুৰক্ষা সমিতিৰ উদ্যোগত প্ৰতিবাদী সমদল বাহিৰ কৰি উক্ত অঞ্চলত লাইকাৰ বানবিধ্বস্ত লোকক পুনৰ সংস্থাপন কৰাৰ তীব্ৰ বিৰোধীতা।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু