
মৰিগাঁও, ১৪ জুলাই (হি.স.)। লাহৰীঘাটত পথৰ দুৰাৱস্থাই যমৰ যাতনা ভোগাইছে সৰ্বসাধাৰণক। এয়া হৈছে লাহৰীঘাটৰ টেঙাগুৰি বজাৰৰ পৰা পকী মথাউৰি সংযোগী পকী পথ। নগাঁও - ভূৰাগাঁও সংযোগী পথৰ দলং নিৰ্মাণৰ কাম চলি থকাত এই পথছোৱাৰে যাতায়ত কৰিবলগা হয়।
কিন্ত দীৰ্ঘদিন ধৰি পথছোৱা বিধ্বস্ত হৈ থকাত যাতায়তৰ ক্ষেত্ৰত ৰাইজে যমৰ যাতনা ভূগি আহিছে। পথত ডাঙৰ ডাঙৰ গাঁতৰ সৃষ্টি হোৱাত দৈনিক দুই এটা দূৰ্ঘটনা সংঘটিত হৈ আহিছে। ইমানৰ পিছতো মৰিগাঁও জিলা লোকনিৰ্মাণ বিভাগে পথছোৱা মেৰামতি কৰিবলৈ আহৰি পোৱা নাই। স্হানীয় ৰাইজে শীঘ্ৰে পথছোৱা মেৰামতি কৰিবলৈ দাবী জনাইছে ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা