
বৰপেটা, ১৪ জুলাই (হি.স.)। বৰপেটাৰোডৰ পাইকাৰী বজাৰৰ কদৰ্য ৰূপ। বৰপেটাৰোডৰ পাইকাৰী বজাৰখনৰ বৰ্তমানৰ অৱস্থা দেখিলে আচৰিত হ’বলগীয়া হয়। অকণমান বৰষুণ দিলেই সমগ্ৰ বজাৰ অঞ্চলটো কৃত্ৰিম বানত জলমগ্ন হৈ পৰে। এফালে পানী, আনফালে বোকা-চোকাত ভৰি পৰা বজাৰখনত এতিয়া খোজ দিয়াই কঠিন হৈ পৰিছে।
কৃষকসকলে অতি কষ্টৰে উৎপাদন কৰা শাক-পাচলিবোৰ বিক্ৰী কৰিবলৈ বজাৰলৈ আহি বৰ্তমান তেওঁলোকে চৰম দুৰ্ভোগ ভুগিব লগা হৈছে। মূৰৰ ঘাম মাটিত পেলাই ফল-মূল, শাক-পাচলি উৎপাদন কৰা খেতিয়কসকলৰ বাবে এই বজাৰখন এতিয়া যেন এক মৰণফান্দ।
ৰাইজৰ সুবিধাৰ বাবে থকা এই পাইকাৰী বজাৰখনৰ এনে দুৰৱস্থা দেখিও যেন প্ৰশাসন সম্পূৰ্ণ নীৰৱ। কেৱল বাতৰিৰ শিৰোনামত সীমাবদ্ধ নেকি উন্নয়ন? চৰকাৰী পক্ষই কেতিয়া এই বজাৰখনৰ আন্তঃগাঁথনি উন্নত কৰিব?
সংশ্লিষ্ট কৰ্তৃপক্ষই শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰি বজাৰখনৰ পৰিৱেশ উন্নত কৰিবলৈ বিনম্ৰ অনুৰোধ জনাইছে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা