কিছু পৰিমাণে হ্ৰাস হৈছে সোৱনশিৰিৰ জলস্তৰ
ধেমাজি, ১৪ জুলাই (হি.স.)। কালিৰ তুলনাত কিছু পৰিমাণে সোৱনশিৰিৰ জলস্তৰ কমিছে যদিও পুৱাৰে পৰা পুনৰ লাহে লাহে বৃদ্ধি পাই আছে নদীৰ জলস্তৰ। কালি সোৱনশিৰিৰ জলধাৰা বৃদ্ধি পোৱাত চৰ চাপৰিৰ কেইবাটাও স্থানত খহাই লৈ গৈছিল গৰা। নামনি সোৱনশিৰি জলবিদ্যুৎ প্
কিছু পৰিমাণে হ্ৰাস হৈছে সোৱনশিৰিৰ জলস্তৰ


ধেমাজি, ১৪ জুলাই (হি.স.)। কালিৰ তুলনাত কিছু পৰিমাণে সোৱনশিৰিৰ জলস্তৰ কমিছে যদিও পুৱাৰে পৰা পুনৰ লাহে লাহে বৃদ্ধি পাই আছে নদীৰ জলস্তৰ।

কালি সোৱনশিৰিৰ জলধাৰা বৃদ্ধি পোৱাত চৰ চাপৰিৰ কেইবাটাও স্থানত খহাই লৈ গৈছিল গৰা।

নামনি সোৱনশিৰি জলবিদ্যুৎ প্ৰকল্পই গেট খুলি দিয়াৰ পিছতে কালি সৃষ্টি হৈছিল অবৰ্ণনীয় পৰিৱেশৰ।সোৱনশিৰিৰ পানীয়ে ক্ষতিগ্ৰস্ত কৰিছিল নামনিৰ কেইবাখনো গাঁও।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande