গুৱাহাটী মহানগৰীৰ শিলপুখুৰীৰ ভাড়াঘৰত যুৱতীৰ মৃতদেহ উদ্ধাৰ
গুৱাহাটী, ১৪ জুলাই(হি.স.)। গুৱাহাটী মহানগৰীৰ মাজমজিয়াত এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰ। মহানগৰীৰ ভাড়াঘৰত উদ্ধাৰ পুনৰ এগৰাকী যুৱতীৰ মৃতদেহ। শিলপুখুৰীৰ কালী মন্দিৰৰ সমীপত উদ্ধাৰ যুৱতী গৰাকীৰ মৃতদেহ। মৃত যুৱতী গৰাকীক ওৰাঙৰ নেহা শইকীয়া বুলি জানিব পৰা গৈছে
গুৱাহাটী মহানগৰীৰ শিলপুখুৰীৰ ভাড়াঘৰত যুৱতীৰ মৃতদেহ উদ্ধাৰ


গুৱাহাটী, ১৪ জুলাই(হি.স.)। গুৱাহাটী মহানগৰীৰ মাজমজিয়াত এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰ। মহানগৰীৰ ভাড়াঘৰত উদ্ধাৰ পুনৰ এগৰাকী যুৱতীৰ মৃতদেহ। শিলপুখুৰীৰ কালী মন্দিৰৰ সমীপত উদ্ধাৰ যুৱতী গৰাকীৰ মৃতদেহ। মৃত যুৱতী গৰাকীক ওৰাঙৰ নেহা শইকীয়া বুলি জানিব পৰা গৈছে।

গুৱাহাটীৰ টানিষ্কৰ সোণৰ বিপণিত কৰ্মৰত আছিল নেহা নামৰ যুৱতী গৰাকী।আজি পুৱা ভাড়াঘৰৰ গৰাকীয়ে যুৱতী গৰাকীক ৰহস্যজনক পৰিস্থিতিত মৃত অৱস্থাত প্ৰত্যক্ষ কৰে।ভাড়াঘৰৰ গৰাকীয়ে মৃতদেহটো প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়াত ইতিমধ্যে আৰক্ষীয়ে উদ্ধাৰ কৰিছে নেহা শইকীয়াৰ মৃতদেহ।মৰোণত্তৰ পৰীক্ষাৰ বাবে জিএমচিএইছলৈ প্ৰেৰণ কৰিছে মৃতদেহটো।

কিয় যুৱতী গৰাকীয়ে নিজৰ জীৱন শেষ কৰিলে সেয়া বৰ্তমানো জানিব পৰা হোৱা নাই। চান্দমাৰি আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব যুৱতীগৰাকীৰ মৃত্যুৰ প্ৰকৃত কাৰণ।

হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ


 rajesh pande