তামাৰহাটৰ গদাধৰ নদীৰ তীব্ৰ গৰাখহনীয়া
ধুবুৰী, ১৪ জুলাই (হি.স.)। তামাৰহাটৰ গদাধৰ নদীৰ তীব্ৰ গৰাখহনীয়া । বিটিএডি তথা ধুবুৰী জিলাৰ সীমান্ত উজানাপেটলা গাঁওৰ সীমায়েদি বৈ যোৱা গদাধৰ নদীৰ গৰাখহনীয়াৰ কবলত নৈপৰীয়া ৰাইজ। গৰাখহনীয়াৰ ফলত নদীৰ বুকুত জাহ গৈছে বিঘায় বিঘায় কৃষি ভূমি। প্ৰতি বছ
তামাৰহাটৰ গদাধৰ নদীৰ তীব্ৰ গৰাখহনীয়া


ধুবুৰী, ১৪ জুলাই (হি.স.)। তামাৰহাটৰ গদাধৰ নদীৰ তীব্ৰ গৰাখহনীয়া । বিটিএডি তথা ধুবুৰী জিলাৰ সীমান্ত উজানাপেটলা গাঁওৰ সীমায়েদি বৈ যোৱা গদাধৰ নদীৰ গৰাখহনীয়াৰ কবলত নৈপৰীয়া ৰাইজ। গৰাখহনীয়াৰ ফলত নদীৰ বুকুত জাহ গৈছে বিঘায় বিঘায় কৃষি ভূমি।

প্ৰতি বছৰে গৰাখহনীয়াই অঞ্চলটোৰ কৃষকৰ বিস্তৰ ক্ষতি সাধন কৰে। গৰাখহনীয়াৰ ফলত ইতিমধ্যে তিনি চাৰি বিঘা শেগুনৰ বাগান জাহ গৈছে নদীৰ বুকুত। প্ৰবল সংকটত পৰিছে নৈৰ দুয়োফালে থকা ৰাইজ । কানাইলাল বৰ্মনৰ পাৰঘাটৰ পৰা টুমবাগান পাৰ ঘাটলৈ এখন মথাউৰিৰ ব্যৱস্থা কৰি নৈপৰীয়া অঞ্চলটোৰ ৰাইজৰ খেতি মাটি ৰক্ষা কৰিবলৈ গোলকগঞ্জৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ ওচৰত দাবী জনাইছে ভুক্তভোগী ৰাইজে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande