
শোণিতপুৰ, ১৪ জুলাই (হি.স.)। শোণিতপুৰ জিলাৰ তেজপুৰৰ প্ৰবীন শিক্ষাবিদ, বিশিষ্ট লেখিকা তথা শিৱসাগৰ মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপিকা তথা অসমীয়া আৰু নেপালী সাহিত্যৰ সমন্বয়ৰ সাঁকো পদ্মশ্ৰী গীতা উপাধ্যায়য়ে সোমবাৰে ৰাতি তেজপুৰ চান্দমাৰীৰ নিজা বাসভৱনত ৮৮বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে। ১৯৩৯ চনৰ ১৪ ফেব্ৰুৱাৰীৰ দিনা অবিভক্ত দৰং জিলা বৰ্তমান বিশ্বনাথ জিলাৰ বিহালী গাংমৌ থানত জন্ম গ্ৰহণ কৰা বিশিষ্ট লেখিকা গৰাকী প্ৰথম গৰাকী স্নাতকোত্তৰ ডিগ্ৰীধাৰী নেপালী ছাত্ৰী আৰু প্ৰবীন স্বাধীনতা সংগ্ৰামী ছৱিলাল উপাধ্যায়ৰ নাতিনী আছিল।
শিৱসাগৰ মহাবিদ্যালয়ৰ পৰা ১৯৯৯চনত ৰাজনীতি বিজ্ঞানৰ মুৰব্বী অধ্যাপিকা হিচাপে অৱসৰ গ্ৰহণ কৰা পদ্মশ্ৰী গীতা উপাধ্যায়য়ে এনে ফ্ৰাংকৰ ডায়েৰীকে ধৰি ২৬খন গ্ৰন্থৰে অসমীয়া আৰু নেপালী ভাষা সাহিত্য চহকী কৰাৰ লগতে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ কাৰেং লিগিৰী নেপালী ভাষালৈ অনুবাদ কৰা গ্ৰন্থ দৰবাৰ কি চুচাৰেৰ বাবে ২০১২চনত সাহিত্য অকাডেমীৰ অনুবাদ সাহিত্য বঁটা, লেখিকা গৰাকীৰ ককাক প্ৰৱীন স্বাধীনতা সংগ্ৰামী ছৱিলাল উপাধ্যায়ৰ জীৱনৰ আধাৰত লিখা নেপালী ভাষাৰ উপন্যাস জন্মভূমি মে'ৰ স্বদেশৰ বাবে ২০১৬চনত সাহিত্য অকাডেমীৰ বঁটাৰে সন্মানিত বিশিষ্ট লেখিকা গৰাকীক অসম চৰকাৰে ২০০৩চনত সাহিত্যিক পেঞ্চন প্ৰদান কৰে।
ভাৰত চৰকাৰে ২০২৫চনত পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰা বিশিষ্ট লেখিকা গৰাকীক অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগে ২০২৬চনত সতী সাধনী বঁটাৰে সন্মানিত কৰিছিল। অধ্যাপনাৰ সমান্তৰালকৈ সাহিত্য সাধনাত আজীৱন ব্ৰতী বিশিষ্ট লেখিকা গৰাকীৰ মৃত্যুত তেজপুৰত শোকৰ ছাঁ পৰিছে ।
হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ