
দৰং, ১৪ জুলাই (হি.স.)। শ্যামপুৰৰ আলগা চৰত ঢেকীয়াপতীয়া বাঘৰ উপদ্ৰৱ। আতংকিত ৰাইজ। নিধন ৬ টাকৈ গোধন।
দৰং জিলাৰ শ্যামপুৰ থানাৰ অন্তৰ্গত আলগা চৰত এতিয়া ঢেকীয়াপতীয়া বাঘৰ তীব্ৰ আতংকই বিৰাজ কৰিছে।
ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰা জনাঞ্চললৈ ওলাই অহা এটা প্ৰকাণ্ড ঢেকীয়াপতীয়া বাঘে সমগ্ৰ চৰ অঞ্চলটোত ত্ৰাসৰ সৃষ্টি কৰিছে। ৰাষ্ট্ৰীয় উদ্যানখনৰ পৰা ওলাই অহা বাঘটোৱে আলগা চৰত প্ৰৱেশ কৰি উপদ্ৰৱ চলোৱাৰ উপৰিও ইতিমধ্যে অঞ্চলটোৰ ৬ টা কৈ গোধন নিধন কৰিছে। বাঘটোৰ মুক্ত বিচৰণৰ বাবে স্থানীয় ৰাইজ এতিয়া ঘৰৰ পৰা ওলাই আহিবলৈকো ভয় কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে।ঘটনাৰ সন্দৰ্ভত স্থানীয় ৰাইজে বন বিভাগক অৱগত কৰাৰ পিছতে ঘটনাস্থলীত বনকৰ্মীৰ এটা দল উপস্থিত হৈছে।
হিন্দুস্থান সমাচাৰ / Narayan Kar