
এক কমেডীৰে দৰ্শকক মনোৰঞ্জন দিবলৈ পুনৰ সাজু হৈছে অভিনেতা আৰ্ছাদ ৱাৰ্ছী। গোলমাল আৰু ধমালৰ দৰে ছবিৰ বাবে পৰিচিত আৰ্ছাদে এতিয়া আগন্তুক ক্ৰাইম-কমেডী থ্ৰিলাৰ জীৱন ভীমা যোজনাত প্ৰথমবাৰৰ বাবে দুটা চৰিত্ৰত অভিনয় কৰা দেখা যাব। যোৱা ৮ জুনত মুক্তি পোৱা ছবিখনৰ মজাৰ টিজাৰে দৰ্শকৰ ইতিবাচক সঁহাৰি লাভ কৰিছে। শুকুৰবাৰ খ্যাতিৰ অভিষেক ডোগ্ৰাৰ দ্বাৰা পৰিচালিত ছবিখন।
টিজাৰৰ আৰম্ভণিতে আৰ্শ্বাদ ৱাৰ্ছিৰ চৰিত্ৰটোৱে তেওঁৰ লুকলাইকৰ সন্মুখীন হয়। কাহিনীটো আগবাঢ়ি যোৱাৰ লগে লগে ঋণ আৰু আৰ্থিক সমস্যাৰ সৈতে যুঁজি থকা চৰিত্ৰটোৱে জীৱনত এক নতুন মোৰ লয়। সঞ্জীদা শ্বেখৰ চৰিত্ৰত অভিনয় কৰা পত্নীৰ সৈতে তেওঁ বীমাৰ ধন আদায় কৰাৰ পৰিকল্পনা ৰচনা কৰে। কিন্তু হঠাৎ পৰিস্থিতি সলনি হয়, যাৰ ফলত দুয়োজন চোৰাংচোৱাগিৰিৰ ফান্দত আবদ্ধ হৈ পৰে। টিজাৰটোৱে হাস্যৰস, বিভ্ৰান্তি আৰু ৰোমাঞ্চৰ এক আকৰ্ষণীয় মিশ্ৰণ আগবঢ়াইছে।
আৰ্শ্বদ আৰু সঞ্জীদাৰ উপৰিও ছবিখনত বিজয় ৰাজ, পূজা চোপ্ৰা, বিজেন্দ্ৰ কালা আদিয়েও গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে। ছবিখনৰ মুক্তিৰ তাৰিখ এতিয়াও ঘোষণা কৰা নাই প্ৰযোজকসকলে। ২৬ জুনত ছবিগৃহত মুক্তি পাবলগীয়া অক্ষয় কুমাৰে অভিনয় কৰা বহু প্ৰত্যাশিত কমেডী ছবি ৱেলকাম টু দ্য জংগলতো দেখা যাব আৰ্শ্বদ ৱাৰ্ছিক।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া