ভাৰত তিৱাৰীৰ এনকাউণ্টাৰৰ চিবিআইৰ তদন্ত বিচৰা আবেদনৰ শুনানি গ্ৰহণ কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ
নতুন দিল্লী, ৩০ জুন (হি.স.)। বিহাৰত ভাৰত তিৱাৰীৰ আৰক্ষীৰ কথিত এনকাউণ্টাৰৰ স্বতন্ত্ৰ তদন্ত বিচৰা আবেদনৰ শুনানি গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছে উচ্চতম ন্যায়ালয়ে । ন্যায়াধীশ এম এম সুন্দৰেশৰ নেতৃত্বত ছুটীৰ বিচাৰপীঠে আবেদনকাৰীক পাটনা উচ্চ ন্যায়ালয়ৰ ক
सुप्रीम कोर्ट (फाइल फोटो)


নতুন দিল্লী, ৩০ জুন (হি.স.)। বিহাৰত ভাৰত তিৱাৰীৰ আৰক্ষীৰ কথিত এনকাউণ্টাৰৰ স্বতন্ত্ৰ তদন্ত বিচৰা আবেদনৰ শুনানি গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছে উচ্চতম ন্যায়ালয়ে । ন্যায়াধীশ এম এম সুন্দৰেশৰ নেতৃত্বত ছুটীৰ বিচাৰপীঠে আবেদনকাৰীক পাটনা উচ্চ ন্যায়ালয়ৰ কাষ চাপিবলৈ নিৰ্দেশ দিয়ে ।

এই আৱেদন দাখিল কৰিছে অধিবক্তা বিশাল তিৱাৰীয়ে। এই আবেদনত উচ্চতম ন্যায়ালয়ৰ এগৰাকী প্ৰাক্তন ন্যায়াধীশৰ নেতৃত্বত স্বতন্ত্ৰ তদন্ত বিচাৰিছিল। ভাৰত তিৱাৰীৰ এনকাউণ্টাৰৰ চিবিআইৰ তদন্তৰো দাবী উত্থাপন কৰে আৱেদনখনত । আৱেদনখনত উল্লেখ কৰা হৈছে যে গণতান্ত্ৰিক সমাজত আৰক্ষীক শাস্তি দিয়াৰ ক্ষমতা দিব নোৱাৰি । শাস্তি দিয়াৰ ক্ষমতা কেৱল ন্যায়পালিকাৰ। আৱেদনখনত উল্লেখ কৰা হৈছে যে বিহাৰত ভাৰত তিৱাৰীৰ কথিত এনকাউণ্টাৰে আৰক্ষীৰ কাম-কাজ আৰু শৈলীক লৈ প্ৰশ্ন উত্থাপন কৰিছে।

আবেদনখনত উল্লেখ কৰা হৈছে যে যোৱা কিছু বছৰত এনকাউণ্টাৰৰ কাণ্ড বৃদ্ধি পাইছে, যিয়ে আইনৰ শাসনৰ প্ৰতি এক উল্লেখযোগ্য প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে। এই আবেদনখনত ২০১৪ চনৰ উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্তৰ উদ্ধৃতি দিয়া হৈছে, য’ত আৰক্ষীৰ এনকাউণ্টাৰৰ তদন্তৰ বাবে গাইডলাইন জাৰি কৰা হৈছিল। উচচতম ন্যায়ালয়ৰ এই নীতি-নিৰ্দেশনা কাৰ্যকৰী কৰিবলৈ সকলো ৰাজ্যৰ মুখ্য সচিবক নিৰ্দেশ দিব বিচাৰিছিল আবেদনখনত।

বিহাৰৰ ভোজপুৰ জিলাৰ বিলাউটি গাঁৱৰ নিবাসী ভাৰত তিৱাৰী নামৰ এজন যুৱকৰ যোৱা ১৭ জুনত আৰক্ষীৰ কথিত এনকাউণ্টাৰত মৃত্যু হয়।

-----------------

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande