
নতুন দিল্লী, ৩০ জুন (হি.স.)। আইডিএফচি ফাৰ্ষ্ট বেংকৰ পুঁজি আত্মসাৎ কৰাৰ গোচৰত আৰু দুজন বেংক বিষয়াক গ্ৰেপ্তাৰ কৰিছে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই (চিবিআই)। ধৃত বিষয়া কেইজনৰ ভিতৰত আছে আইডিএফচিৰ ফাৰ্ষ্ট বেংকৰ তেতিয়াৰ এলেকা মুৰব্বী ছামিম দাৰ আৰু মোহলীৰ এ ইউ ক্ষুদ্ৰ বিত্ত বেংকৰ তদানীন্তন মেনেজাৰ চৰণজিৎ সিং ৰান্ধৱা।
চিবিআইৰ তদন্তত প্ৰকাশ পাইছে যে ফিক্সড ডিপ’জিট আৰু প্ৰৱঞ্চনামূলক লেনদেনৰ জৰিয়তে হাৰিয়ানা চৰকাৰী বিভাগসমূহৰ উদ্বৃত্ত পুঁজিৰ অপব্যৱহাৰত দুয়োগৰাকী বিষয়াই ভূমিকা গ্ৰহণ কৰিছিল। এই প্ৰক্ৰিয়াত ৰাজহুৱা ধন শ্বেল কোম্পানীলৈ হস্তান্তৰ কৰাটো জড়িত আছিল । তদন্তত তেওঁলোকৰ বিৰুদ্ধে যথেষ্ট প্ৰমাণ পোৱা যায়, যাৰ ফলত তেওঁলোকক গ্ৰেপ্তাৰ কৰি পঞ্চকুলাৰ বিশেষ ন্যায়াধীশৰ আগত হাজিৰ কৰা হয়।
সংস্থাটোৱে জনোৱা মতে, হাৰিয়ানা চৰকাৰৰ অনুৰোধত এই গোচৰটো ৰাজ্যিক সতৰ্কতা আৰু দুৰ্নীতি নিবাৰক ব্যুৰোৰ পৰা চিবিআইলৈ হস্তান্তৰ কৰা হৈছে। চণ্ডীগড়ৰ ছেক্টৰ-৩২ আইডিএফচি ফাৰ্ষ্ট বেংক শাখাত সংঘটিত হৈছে এই জালিয়াতি, য’ত ভুৱা এফডি আৰু ডেবিট নোটৰ জৰিয়তে আঠটা চৰকাৰী বিভাগৰ প্ৰায় ৫০৪ কোটি টকা চুৰি হৈছিল। এই গোচৰৰ ১৭ জন অভিযুক্তৰ বিৰুদ্ধে এতিয়ালৈকে চাৰ্জ শ্বীট দাখিল কৰা হৈছে, য’ত আছে ছয়জন বেংকৰ বিষয়া, তিনিজন চৰকাৰী কৰ্মচাৰী, দুটা কোম্পানী, আৰু ছয়জন ব্যক্তিগত ব্যক্তি।
চণ্ডীগড় স্মাৰ্ট চিটি লিমিটেড (চি এছ চি এল) আৰু ক্ৰেষ্ট চণ্ডীগড়ৰ সৈতে জড়িত আন দুটা গোচৰৰ তদন্তৰ দায়িত্বও চি বি আইয়ে গ্ৰহণ কৰিছে বুলি জানিবলৈ দিয়ে। এই গোচৰসমূহতো চাৰ্জ শ্বীট দাখিল কৰা হৈছে।
-----------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ