
মৰিগাঁও, ২১ জুন (হি.স.): মৰিগাঁও জিলাৰ জাগীৰোডত যোৱা কালি শনিবাৰে সন্ধিয়া আটক কৰা হয় নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ জ্যেষ্ঠ অধ্যাপক ডা: মনোজ কুমাৰ সিনহাক । ফৰেণচিক বিভাগৰ মুৰব্বী অধ্যাপক ডা: মনোজ কুমাৰ সিনহা। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন সালসলনি কৰাৰ নামত ধন সংগ্ৰহ কৰাৰ অভিযোগৰ পিছতে তেওঁক আটক কৰা হয়।
নগাঁও আৰক্ষীয়ে জাগীৰোড আৰক্ষীৰ পৰা চমজি লয় চিকিৎসক গৰাকীক । আৰক্ষীয়ে জব্দ কৰিছে চিকিৎসক গৰাকীৰ এএছ ০১ এফকে ৫৬৪৬ নম্বৰৰ গ্ৰেণ্ড ভিটাৰা বাহনখন । এই সন্দৰ্ভত শীঘ্ৰেই চিকিৎসা মহাবিদ্যালয়ৰ আৰু কেইবাগৰাকীও উচ্চপদস্থ বিষয়াক জেৰা কৰাৰ সম্ভাৱনা স্পষ্ট হৈ পৰিছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ