
আগন্তুক হিন্দী ছবি ‘দ্য নৰ্মদা ষ্ট’ৰী’ৰ দলটোৱে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী ড০ মোহন যাদৱৰ সৈতে সৌজন্যমূলক সাক্ষাৎ কৰে। পৰিচালক জগম ইমাম আৰু অভিনেতা শৰদ সিং উপস্থিত থাকে। ছবিখনৰ বিষয়বস্তু, প্ৰডাকচন, মধ্যপ্ৰদেশৰ সৈতে ইয়াৰ গভীৰ সম্পৰ্কৰ বিষয়ে আলোচনা কৰা হয়। পৰিচালকে মুখ্যমন্ত্ৰীক জনাইছে যে ছবিখনৰ দৃশ্যগ্ৰহণ সম্পূৰ্ণৰূপে মধ্যপ্ৰদেশত কৰা হৈছে আৰু ইয়াত ৰাজ্যখনৰ সংস্কৃতি, প্ৰাকৃতিক সৌন্দৰ্য্য আৰু সামাজিক পৰিৱেশক বিশিষ্টভাৱে প্ৰদৰ্শন কৰা হৈছে। স্থানীয় শিল্পীসকলকো ছবিখনত উল্লেখযোগ্য সুযোগ দিয়া হৈছে।
ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে ৰাষ্ট্ৰীয় বঁটা বিজয়ী ৰঘুবীৰ যাদৱ, মুকেশ তিৱাৰী, ইষ্টিয়ক খান, সদানন্দ পাটিল আৰু আই পি এছৰ বিষয়া-অভিনেত্ৰী ছিমলা প্ৰসাদে। এইখনেই হ’ব প্ৰবীণ থিয়েটাৰ আৰু চিনেমা শিল্পী আলোক চেটাৰ্জীৰ অন্তিম ছবি আৰু এয়া তেওঁৰ অৱদানৰ প্ৰতি আন্তৰিক শ্ৰদ্ধাঞ্জলি হিচাপে গণ্য কৰা হয়। এই ছবিখনৰ বিশেষ বৈশিষ্ট্যসমূহৰ ভিতৰত মধ্যপ্ৰদেশৰ চহৰ আৰু ঠাইৰ প্ৰকৃত নাম ব্যৱহাৰ কৰা হৈছে আৰু প্ৰথমবাৰৰ বাবে মূলসুঁতিৰ হিন্দী ছবিত এগৰাকী জনজাতীয় মহিলা আৰক্ষী বিষয়াক কেন্দ্ৰীয় চৰিত্ৰ হিচাপে দেখুওৱা হৈছে।
পৰিচালক জগম ইমামে মধ্যপ্ৰদেশত চিত্ৰগ্ৰহণ কৰাটো সঁচাকৈয়ে এক উপভোগ্য অভিজ্ঞতা বুলি কয় আৰু তেওঁ আত্মবিশ্বাসী যে ছবিখনে দৰ্শকক ৰাজ্যখনৰ সৌন্দৰ্য্য, বৈচিত্ৰ্য, আৰু সাংস্কৃতিক ঐতিহ্যৰ ওপৰত এক সতেজ দৃষ্টিভংগী প্ৰদান কৰিব। ‘দ্য নৰ্মদা ষ্ট’ৰী’ কেৱল অপৰাধমূলক থ্ৰিলাৰ নহয়, মহিলা আৰক্ষী কৰ্মীৰ সাহস, নিষ্ঠা, আৰু ভক্তিক প্ৰণাম কৰা কাহিনী। এবি ইনফ’ছফ্ট ক্ৰিয়েচনছ আৰু গোল্ডেন ৰেচিঅ’ৰ বেনাৰত নিৰ্মিত এই ছবিখনত অভিনয় কৰিছে সিমলা প্ৰসাদ, অঞ্জলি পাটিল, অশ্বিনী কলছেকাৰ, জৰিনা ৱাহাব, ৰঘুবীৰ যাদৱ, মুকেশ তিৱাৰী, শাৰদ সিং, আৰু ইষ্টিয়াক খান। অহা ১২ জুনত দেশজুৰি ছবিগৃহত মুক্তি পাব ছবিখন।
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ