
মৰিগাঁও, ০৭ মে’ (হি.স.): মৰিগাঁও জিলাৰ মৈৰাবাৰীত যোৱা কালি নিশা চাইবাৰ অপৰাধৰ লগত জড়িতই সংঘটিত কৰিলে ভয়ংকৰ কাণ্ড । হিন্দী চিনেমাৰ কায়দাৰে মুখত কলা কাপোৰ পিন্ধি ঘৰ ভাঙি লণ্ড ভণ্ড কৰি এটি পৰিয়ালৰ লোকক হত্যাৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপিত হৈছে । শতাধিক গুণ্ডা বাহিনী লৈ বলপূৰ্বক ভাৱে প্ৰৱেশ কৰি এটা পৰিয়ালৰ কেইবাজনো লোকক গুৰুতৰ ভাৱে আহত কৰাৰ লগতে ভাঙি চুৰমাৰ কৰিলে ঘৰ।
এই ঘটনাত আঘাতপ্ৰাপ্ত ছুমায়া ইয়াছমিন, দিলদাৰ হুছেইন, বাবুল আৰু আন কেইবাজনো আহত হয় । অভিযোগ অনুসৰি মাটি সংক্ৰান্তীয় এটি বিবাদৰ বাবে মোছাদ্দিক, মুস্তাফিজুৰ আৰু জ্বলিলৰ নেতৃত্বত এটি গুণ্ডা বাহিনীয়ে বাবুল আৰু তেওঁৰ পৰিয়ালৰ গৃহত বলপূৰ্বক প্ৰৱেশ কৰি ঘৰ ভাঙি লণ্ড ভণ্ড কৰাৰ লগতে মহিলা, পুৰুষৰ লগতে শিশু সকলকো আঘাত কৰি আহত কৰে। ইতিমধ্যে মৈৰাবাৰী আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ জ্বলিল নামৰ অভিযুক্ত জনক আটক কৰি ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ