হাজোৰ খোপনিকুছি জানৰপাৰত নৃশংস হত্যাকাণ্ড
হাজোৰ খোপনিকুছি জানৰপাৰত নৃশংস হত্যাকাণ্ড।
হাজোৰ খোপনিকুছি জানৰপাৰত নৃশংস হত্যাকাণ্ড


কামৰূপ, ০৫ মে’ (হি.স.): কামৰূপ জিলাৰ হাজোৰ খোপনিকুছি জানৰপাৰত এক নৃশংস হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে । ঘৰৰ ভিতৰতে মহিলাক ডিঙি ৰেপি হত্যা কৰা হৈছে । অভিযোগ মতে স্বামী মোজামিল আলীয়ে হত্যা কৰিলে মহিলা গৰাকীক ।

সম্প্ৰতি হত্যাকাৰী স্বামী মোজামিল আলী পলাতক হৈ আছে । হত্যাৰ বলী হোৱা মহিলাগৰাকীৰ নাম হাফিজা খাতুন বুলি জানিব পৰা গৈছে । তিনিটা সন্তানৰ মাতৃ আছিল হাফিজা । পৰকীয়া প্ৰেমৰ বাবে স্বামীয়ে নিজ পত্নীক হত্যা কৰাৰ সন্দেহ কৰা হৈছে । ঘটনাস্থলীত হাজো আৰক্ষী আৰু অপৰাধ অনুসন্ধান দল উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande