ডিগবৈৰ বগাপানী ডাঙৰীয়া থানৰ সমিপত লালীগুড় কঢ়িয়াই অনা বাহন জব্দ
ডিগবৈৰ বগাপানী ডাঙৰীয়া থানৰ সমিপত একাংশ স্হানীয় লোকে জব্দ কৰে এখন লালীগুড় কঢ়িয়াই অনা বাহন৷
ডিগবৈৰ বগাপানী ডাঙৰীয়া থানৰ সমিপত লালীগুড় কঢ়িয়াই অনা বাহন জব্দ


তিনিচুকীয়া, ০৬ মে’ (হি.স.): তিনিচুকীয়া জিলাৰ ডিগবৈত অব্যাহত আছে অবৈধ লালীগুড়ৰ ৰমৰমীয়া বেহা। ডিগবৈৰ বগাপানী ডাঙৰীয়া থানৰ সমিপত একাংশ স্থানীয় লোকে জব্দ কৰে এখন লালীগুড় কঢ়িয়াই অনা বাহন ৷ পশুধনৰ খাদ্য বুলি অনা লালীগুড় অবৈধ চুলাই প্ৰস্তুকৰণত ব্যৱহাৰ হোৱাৰ অভিযোগ উঠি আহিছে ৷

উল্লেখ্য় যে ডিগবৈৰ একাংশ অসাধু ব্যৱসায়ীয়ে আৰক্ষী প্ৰশাসন আৰু আৱকাৰীক মেনেজ কৰি ৰমৰমীয়া ব্যৱসায়ী চলাই নিয়াৰ অভিযোগ উত্থাপিত হৈ আহিছে ৷ তিনিচুকীয়াৰ পৰা ডিগবৈৰ অভিমুখে লালীগুড় কঢ়িয়াই অনা এএছ ২৩ এচি ৯১০৮ নম্বৰৰ এখন বাহন ডিগবৈ বগাপানীত জব্দ কৰে একাংশ সচেতন লোকে ৷ জব্দকৃত লালীগুড় ভৰ্তি বাহনখন জব্দ কৰি ৰখাৰ পাচত ডিগবৈ আৰক্ষী আৰু আবকাৰী বিভাগক বাৰম্বৰ খবৰ দিয়াৰ পাচতো গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ লালীগুড়ৰ পৰা প্ৰস্তত কৰা অবৈধ চুলাই ডিগবৈ চহৰৰ ভিন্ন প্ৰান্তত অৱস্থিত গাওঁসমূহত একাংশ অসাধু চক্ৰই প্ৰস্তুত কৰি অবাধ হাৰত ৰমৰমীয়া বেহা চলাই যোৱাৰ বাবে সমাজ অনৈতিক কাৰ্যকলাপ বৃদ্ধি পোৱাক লৈ অবৈধ লালীগুড়ৰ অবৈধ ব্যৱসায়ী বন্ধ কৰিবলৈ দাবী জনাইছে ৷

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande