
নতুন দিল্লী, ২১ মে’ (হি.স.)। পশ্চিম এছিয়াৰ সংকট আৰু যোগান শৃংখলৰ ব্যাঘাতৰ বাবে অব্যাহত থকা উদ্বেগৰ মাজতে দুদিন ধৰি হ্ৰাস পোৱাৰ পাছত খাৰুৱা তেলৰ মূল্য বৃদ্ধি পাইছে। বৃহস্পতিবাৰে আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্যই ১০৬ ডলাৰ অতিক্ৰম কৰিলে।
আজিৰ ব্যৱসায়িক অধিবেশনত আন্তঃৰাষ্ট্ৰীয় মানদণ্ড ব্ৰেণ্ট খাৰুৱা তেলৰ মূল্য ১.৫২ ডলাৰ বা ১.৪৫ শতাংশ বৃদ্ধিৰে ১০৬.৫৪ ডলাৰত বিক্ৰী হোৱাৰ বিপৰীতে আমেৰিকাৰ পশ্চিম টেক্সাছ ইণ্টাৰমিডিয়েট (ডব্লিউ টি আই) খাৰুৱা তেলৰ মূল্য প্ৰতি বেৰেলত ১.৫৩ ডলাৰ বা ১.৫৬ শতাংশ বৃদ্ধি পাই ৯৯.৭৮ ডলাৰ হয়গৈ ।
বিশেষজ্ঞসকলে কয় যে খাৰুৱা তেলৰ মূল্যৰ এই পৰিৱৰ্তন ইৰাণ-আমেৰিকাৰ যুদ্ধত যুদ্ধবিৰতিৰ বাবে উদ্বেগ প্ৰকাশ কৰাৰ সময়তে বৃদ্ধি পাইছে। আমেৰিকাৰ খাৰুৱা তেলৰ যোগান আৰু মজুতৰ তীব্ৰ হ্ৰাসে কমি অহা মজুতক লৈ নতুন অনিশ্চয়তাৰ সৃষ্টি কৰিছে। পশ্চিম এছিয়াৰ সংকটৰ পূৰ্বে হৰমুজ জলদ্বীপে বিশ্বৰ ২০ শতাংশতকৈ অধিক তেল আৰু শক্তি যোগান কঢ়িয়াই লৈ ফুৰিছিল যদিও ২৮ ফেব্ৰুৱাৰীৰ পৰা প্ৰায় সম্পূৰ্ণৰূপে বিঘ্নিত হৈ পৰিছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া