ৰঙাপৰাত ৬ জনীয়া দুৰ্বৃত্তৰ দলে ব্যৱসায়ীৰ পৰা কাঢ়ি লৈ যাই গহণা ভৰ্তি বেগ
শোণিতপুৰ, ০৪এপ্ৰিল (হি.স.)। ৰঙাপৰাত দুঃসাহসিক ডকাইতিৰ ঘটনা৷ ৬ জনীয়া দুৰ্বৃত্তৰ দলৰ আক্ৰমণ জুৱেলাৰী ব্যৱসায়ীক৷ নিশা ৰঙাপৰাত সংঘটিত হয় ডকাইতিৰ ঘটনা। ৬ জনীয়া এটা দুৰ্বৃত্তৰ দলে মাৰণাস্ত্ৰ দেখুৱাই এজন জুৱেলাৰী ব্যৱসায়ীৰ পৰা কাঢ়ি লৈ যায় সোণৰ গহনা থকা
ৰঙাপৰাত ৬ জনীয়া দুৰ্বৃত্তৰ দলে ব্যৱসায়ীৰ পৰা কাঢ়ি লৈ যাই গহণা ভৰ্তি বেগ


শোণিতপুৰ, ০৪এপ্ৰিল (হি.স.)। ৰঙাপৰাত দুঃসাহসিক ডকাইতিৰ ঘটনা৷ ৬ জনীয়া দুৰ্বৃত্তৰ দলৰ আক্ৰমণ জুৱেলাৰী ব্যৱসায়ীক৷ নিশা ৰঙাপৰাত সংঘটিত হয় ডকাইতিৰ ঘটনা। ৬ জনীয়া এটা দুৰ্বৃত্তৰ দলে মাৰণাস্ত্ৰ দেখুৱাই এজন জুৱেলাৰী ব্যৱসায়ীৰ পৰা কাঢ়ি লৈ যায় সোণৰ গহনা থকা বেগটো। ৰঙাপৰা চহৰত থকা “নিতেশ জুৱেলাৰী”ৰ স্বত্বাধিকাৰী সন্তোষ শ্বাহাই দোকান বন্ধ কৰি এএছ ১২ ৬৫৪৬ নম্বৰৰ গ্লেমাৰ মটৰ চাইকেল খনেৰে নিজ গৃহ অভিমুখে আহি আছিল।

ঠিক তেনে সময়তে নামনিগাঁৱৰ তিনিআলিত ৬ জনীয়া দুৰ্বৃত্তৰ দলটোৱে তেওঁক আগুচি ধৰে। দুৰ্বৃত্তৰ দলটোৱে সন্তোষ শ্বাহাক প্ৰথমতে মাৰপিট কৰে আৰু পিছত মাৰণাস্ত্ৰৰে প্ৰাণে মৰাৰ ভাবুকি দি তেওঁৰ সৈতে থকা গ্ৰাহকৰ সোণৰ গহনা ভৰ্তি বেগটো কাঢ়ি লৈ যায়। ঘটনাটো সংঘটিত হোৱাৰ পিছত ৰঙাপৰা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। দুৰ্বৃত্তৰ দলটোক শীঘ্ৰেই আটক কৰি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাইজে আৰক্ষীক দাবী জনাইছে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande