
ওদালগুৰি, ০৫ এপ্ৰিল (হি.স.): সমাগত বিধানসভা নিৰ্বাচন। ভোটগ্ৰহণলৈ আৰু মাজতে মাথো তিনিটা দিন বাকী। নিৰ্বাচন উপলক্ষে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ওদালগুৰি সমষ্টিতো নিৰ্বাচনী উত্তাপ দিনক দিনে তীব্ৰ হৈ উঠিছে।
ৰাজনৈতিক দলসমূহৰ মাজত অভিযোগ-প্ৰতিআভিযোগৰ মাজতেই ইউপিপিএলৰ প্ৰাৰ্থী দ্বীপেন বড়োৱে তীব্ৰ সমালোচনা আগবঢ়ালে বিপিএফ নেতা হাগ্ৰামা মহিলাৰীৰ বিৰুদ্ধে।হেলিকপ্টাৰত তেল নাই, ড্ৰাইভাৰ নাই, বাকীত লৈছে”—এইটো এটা পুৰণি কেছেট বুলি কটাক্ষ কৰি দ্বীপেন বড়োৱে কয় যে এতিয়া হাগ্ৰামা মহিলাৰীৰ ৰাজনৈতিক শক্তি কমি আহিছে নেকি, সেইটো লৈ প্রশ্ন উঠিছে।তেওঁ লগতে কয়—মানুহৰ মৰম আৰু সমৰ্থনো কমি আহিছে নেকি হাগ্ৰামাৰ প্ৰতি, এইটো স্পষ্ট হৈ পৰিছে বৰ্তমান পৰিস্থিতিত। দ্বীপেন বড়োৱে কয় - “ফেচ ভেলু কমি গৈছে নেকি, সেইটো আমাৰ সন্দেহ। মানুহে এতিয়া পৰিৱৰ্তন বিচাৰে।”
ইফালে, ওদালগুৰি সমষ্টিত বিজেপি আৰু বিপিএফৰ মিত্ৰতা তেল-পানীৰ দৰে হৈছে বুলি অভিযোগ তোলে ইউপিপিএল প্ৰাৰ্থীগৰাকীয়ে। তেওঁ দাবী কৰে যে এটাও ভিচিডিচি চেয়াৰমেন বা সদস্যই বিপিএফ দলে বিজেপিক দিয়া নাই। যাৰ ফলত মিত্ৰতাৰ মাজত অসন্তোষ দেখা গৈছে।মিত্ৰতাৰ ধৰ্ম হৈছে বুজাবুজি। আগতে ইউপিপিএল আৰু বিজেপিৰ মাজত ৬০/৪০ অনুপাত আছিল, কিন্তু এতিয়া বিজেপিৰ বহু কৰ্মী নিৰাশাত ভুগিছে।” ইয়াৰ লগতে, হাগ্ৰামা মহিলাৰীৰ সভালৈ দেৰিকৈ উপস্থিত হোৱাৰ ঘটনাকো উত্থাপন কৰি দ্বীপেন বড়োৱে কয় যে মুখ্যমন্ত্ৰী সেই সভাত উপস্থিত নোহোৱা ঘটনাই বুজাই দিয়ে যে আসনখন বিপিএফে ‘ছাৰেণ্ডাৰ’ কৰিছে।“এইবাৰ ওদালগুৰি বাসী ৰাইজে দল নহয়, প্ৰাৰ্থী চাই ভোট দিব।”
নিৰ্বাচনত নতুন প্ৰজন্মৰ নেতৃত্ব আৰু উন্নয়নৰ প্ৰতিশ্ৰুতিৰে ইউপিপিএল প্ৰাৰ্থীগৰাকীয়ে চিকিৎসা মহাবিদ্যালয়, বিশ্ববিদ্যালয় আদি স্থাপনৰ প্ৰতিশ্ৰুতি আগবঢ়াই ৰাইজৰ আশীৰ্বাদ বিচাৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ