হোজাইৰ ছালবাগানত সংঘটিত লোমহৰ্ষক কাণ্ড
হোজাইৰ ছালবাগানত সংঘটিত হৈছে এক লোমহৰ্ষক কাণ্ড।
হোজাইৰ ছালবাগানত সংঘটিত লোমহৰ্ষক কাণ্ড


হোজাই, ০৫ এপ্ৰিল (হি.স.): হোজাইৰ ছালবাগানত যোৱা কালি শনিবাৰে বিয়লি সংঘটিত হৈছে এক লোমহৰ্ষক কাণ্ড । এগৰাকী ৭-৮ বছৰীয়া শিশুক প্ৰাণে মৰাৰ চেষ্টা চলায় অচিনাকী ব্যক্তিয়ে। হোজাই উদয়পুৰৰ বিবেক সিংহ নামৰ এগৰাকী শিশুক ছালবাগানৰ জংঘললৈ চলনা কৰি মাতি নিয়ে আক্ৰমণকাৰীয়ে।

জংঘলত নি দুয়োখন কান কাটি লৈ যায় সোণৰ দুটা কানফুলি আৰু পৰৱৰ্তী ডিঙি কাটি চলাই হত্যাৰ চেষ্টা । স্থানীয় ৰাইজে ঘটনাৰ উম পোৱাত ঘটনাস্থলীৰ পৰা জংঘললৈ পলায়ন কৰে আক্ৰমণকাৰী । অতি সংকটঃজনক অৱস্থাত হোজাই এফআৰইউত ভৰ্তি কৰোৱা হয় শিশুটিক। শিশুটোৰ ডিঙি আৰু কাণত কেইবাটাও চিলাই দিবলগীয়া হয় চিকিৎসকে । ইতিমধ্যে ঘটনা সন্দৰ্ভত ভুক্তভোগী শিশুটিৰ পৰিয়ালে কাষ চাপিছে হোজাই আৰক্ষীৰ।ঘটনা সন্দৰ্ভত হোজাই আৰক্ষীৰ তদন্ত অব্যাহত আছে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande