ধিং সমষ্টিৰ বিভিন্ন অঞ্চলত ৰাইজৰ দলৰ জোৰদাৰ প্ৰচাৰ
নগাঁও, ০৪ এপ্ৰিল (হি.স.)। ধিং সমষ্টিৰ বিভিন্ন অঞ্চলত ৰাইজৰ দলে জোৰদাৰ প্ৰচাৰ। গাঁৱে-ভুৱে সকলোতে এতিয়া দেখা গৈছে এক ৰাইজৰ দলৰ সমৰ্থনত এক উৎসৱমুখৰ পৰিৱেশ। য’ত দলটোৰ প্ৰাৰ্থী মেহবুব মুক্তাৰৰ সমৰ্থনত স্থানীয় ৰাইজে ব্যাপক সঁহাৰি আৰু উৎসাহ প্ৰকাশ কৰিছে।
ধিং সমষ্টিৰ বিভিন্ন অঞ্চলত ৰাইজৰ দলৰ জোৰদাৰ প্ৰচাৰ


নগাঁও, ০৪ এপ্ৰিল (হি.স.)। ধিং সমষ্টিৰ বিভিন্ন অঞ্চলত ৰাইজৰ দলে জোৰদাৰ প্ৰচাৰ। গাঁৱে-ভুৱে সকলোতে এতিয়া দেখা গৈছে এক ৰাইজৰ দলৰ সমৰ্থনত এক উৎসৱমুখৰ পৰিৱেশ।

য’ত দলটোৰ প্ৰাৰ্থী মেহবুব মুক্তাৰৰ সমৰ্থনত স্থানীয় ৰাইজে ব্যাপক সঁহাৰি আৰু উৎসাহ প্ৰকাশ কৰিছে। মেহবুব মুক্তাৰৰ উপস্থিতিত প্ৰতিটো প্ৰচাৰ কাৰ্যসূচীত পুৰুষ-মহিলা, যুৱক-যুৱতী,বৃদ্ধ সকলোৱে আগ্ৰহেৰে অংশগ্ৰহণ কৰি প্ৰাৰ্থীগৰাকীক উষ্ম সমৰ্থন জনোৱা দেখা গৈছে।

প্ৰচাৰৰ সময়ত স্থানীয় লোকসকলে নিজৰ বিভিন্ন সমস্যাৰ কথাও আগবঢ়াই ধৰি, উন্নয়নৰ ক্ষেত্ৰত দ্ৰুত পদক্ষেপ ল’বলৈ আহ্বান জনায়।

বহুতো ভোটাৰে এইবাৰ পৰিৱৰ্তনৰ আশাৰে ৰাইজৰ দলৰ প্ৰতি আস্থা প্ৰকাশ কৰিছে আৰু মেহবুব মুক্তাৰৰ নেতৃত্বত এক সুস্থ, স্বচ্ছ ৰাজনৈতিক পৰিৱেশ গঢ়ি তোলাৰ আশা ব্যক্ত কৰিছে।

প্ৰাৰ্থী মেহবুব মুক্তাৰে নিজৰ ভাষণত কয় যে, ধিং সমষ্টিৰ ৰাইজে এইবাৰ উন্নয়ন, শিক্ষা, স্বাস্থ্য আৰু মৌলিক সুবিধাৰ দিশত আগবঢ়াৰ লক্ষ্যৰে ভোট দিব। তেওঁ কয় যে, ধৰ্ম-বৰ্ণৰ ৰাজনীতিৰ ওপৰত নহয়, সকলোকে লগ লৈ আগবঢ়াৰ লক্ষ্যৰে তেওঁ কাম কৰিব বিচাৰে। তেওঁলোকৰ প্ৰথম কথাও উন্নয়ন,শেষ কথাও উন্নয়ন।

লগতে তেওঁ আশা প্ৰকাশ কৰে যে, ৰাইজৰ পূৰ্ণ সহায়-সমৰ্থন লাভ কৰি তেওঁ এইবাৰ নিৰ্বাচনত বিপুল ভোটত জয়ী হ’ব আৰু ধিং সমষ্টিক এক নতুন দিশত আগবঢ়াই নিব।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande