
গুৱাহাটী,০৪ এপ্ৰিল (হি.স.)। ৰাজ্যৰ এগৰাকী প্ৰাক্তন তাৰকা ফুটবল খেলুৱৈ গিলবাৰ্টছন চাংমাৰ মৃত্যুত শোকত ম্ৰিয়মান হৈ পৰিছে অসমৰ ফুটবল অনুৰাগী সকল। আজি পুৱা ৭.৩০ বজাত কাহিলীপাৰা স্থিত দশম অসম আৰক্ষী বেটেলিয়নৰ নিজা বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে প্ৰবীণ খেলুৱৈ গৰাকীয়ে।
প্ৰায় ৭১ বছৰ বয়সৰ ফুটবল খেলুৱৈ গৰাকী বিগত কেইবা বছৰ জুৰি অসুস্থতাৰ সৈতে যুঁজি আছিল আৰু ২০২২ চনত ডিমেনচিয়া ৰোগত আক্ৰান্ত হৈছিল। “গোল্ডেন বুটৰ মানুহ” হিচাপে বহুলভাৱে স্বীকৃতি পোৱা তেওঁ ফুটবল খেলপথাৰত অসাধাৰণ দক্ষতাৰ বাবে ভাৰত আৰু বিদেশ উভয়তে খ্যাতি অৰ্জন কৰিব সক্ষম হৈছিল।
আৰক্ষীত সেৱা আগবঢ়োৱাৰ সময়ছোৱাতো চাংমাৰে ক্ৰীড়াৰ সৈতে ঘনিষ্ঠভাৱে জড়িত হৈ আছিল, ফুটবলত সক্ৰিয়ভাৱে অৰিহণা যোগাইছিল আৰু যুৱ খেলুৱৈ সকলক মেণ্টৰ কৰিছিল। সহকৰ্মী আৰু সতীৰ্থ খেলুৱৈ সকলে তেওঁক এজন প্ৰকৃত কিংবদন্তি হিচাপে স্মৰণ কৰে যাৰ প্ৰভাৱ অসম ফুটবলত প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি স্মৰণীয় হৈ থাকিব।
কাইলৈ গুৱাহাটী মহানগৰৰ আদিংগিৰি পাহাৰত তেওঁৰ অন্ত্য়েষ্টিক্ৰিয়া অনুষ্ঠান অনুষ্ঠিত হ’ব। বন্ধু-বান্ধৱী, পৰিয়াল, অনুৰাগীয়ে প্ৰিয় খেলুৱৈ গৰাকীক শেষ শ্ৰদ্ধাঞ্জলি জনোৱাৰ পিছতে শেষকৃত্য় সম্পন্ন কৰা হ’ব।
হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ