ধাৰাসাৰ বৰষুণৰ মাজতেই দুলীয়াজানত মাৰাথন নিৰ্বাচনী প্ৰচাৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ
ডিব্ৰুগড়, ০৪ এপ্ৰিল (হি.স.)। প্ৰতিকুল বতৰেও বাধা দিব পৰা নাই ৰাজনৈতিক দলসমূহৰ নিৰ্বাচনী প্ৰচাৰত। ধাৰাসাৰ বৰষুণৰ মাজতেই দুলীয়াজানত মাৰাথন নিৰ্বাচনী প্ৰচাৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ। শনিবাৰে দুলীয়াজান আৰু টেঙাখাতত নিৰ্বাচনী প্ৰচাৰ চলাবল
ধাৰাসাৰ বৰষুণৰ মাজতেই দুলীয়াজানত মাৰাথন নিৰ্বাচনী প্ৰচাৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ


ডিব্ৰুগড়, ০৪ এপ্ৰিল (হি.স.)। প্ৰতিকুল বতৰেও বাধা দিব পৰা নাই ৰাজনৈতিক দলসমূহৰ নিৰ্বাচনী প্ৰচাৰত। ধাৰাসাৰ বৰষুণৰ মাজতেই দুলীয়াজানত মাৰাথন নিৰ্বাচনী প্ৰচাৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ। শনিবাৰে দুলীয়াজান আৰু টেঙাখাতত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। দুলীয়াজান বিধানসভা সমষ্টিৰ ভাদৈ বিহুতলী ৰংগমঞ্চত অনুষ্ঠিত নিৰ্বাচনী সভাত দুলীয়াজান বিধানসভা সমষ্টিৰ প্ৰাৰ্থী ৰামেশ্বৰ তেলীৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভা অংশ লৈ কেন্দ্ৰীয় মন্ত্ৰী সোনোৱালে।

ভাষণ প্ৰসংগত কেন্দ্ৰীয় মন্ত্ৰী সোনোৱালে কংগ্ৰেছক দলক আক্ৰমণৰ লক্ষ্য কৰি লয়।কংগ্ৰেছে কোনো কালেই অসমখন আগুৱাই যোৱাটো বিছৰা নাছিল,৫৫ বছৰীয়া কংগ্ৰেছৰ শাসনকালত অসমখন বহু পিছ পৰি আছিল । ৰাইজে ৰাস্তা ঘাট নিৰ্মাণ হোৱাটো বিচাৰে কিন্তু কংগ্ৰেছ দলে একো নকৰিলে বিপৰীতে বিগত ১০ টা বছৰে বিজেপি চৰকাৰে সেই সমূহ উন্নয়নমূলক কাম কাজ কৰি ৰাজ্যখনলৈ অভূতপূৰ্ব পৰিৱৰ্তন আনিলে বুলি ভাষণ প্ৰদান কৰে।

কংগ্ৰেছ দলে অসমলৈ অবৈধ বাংলাদেশী আনি জিলাই জিলাই মাটি দি সংস্থাপিত কৰিলে। আমাৰ ককাদেউতাৰ দিনৰ মাটি হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ বিজেপি চৰকাৰে সেই মাটি সংৰক্ষিত কৰিবলৈ ডেৰলাখ বিঘা মাটিত উচ্ছেদ কৰি খিলঞ্জীয়াৰ সাংবিধানিক সুৰক্ষা কৰিবলৈ সক্ষম হৈছে বুলিও তেওঁ ভাষণত প্ৰকাশ কৰে।

ইফালে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰামেশ্বৰ তেলী দুলীয়াজান বিধানসভা সমষ্টিৰ পৰা বিপুল ভোটত জয়যুক্ত হৈ দলটোৱে এইবাৰ নিৰ্বাচনত ১০০ খন আসন লাভ কৰিব বুলি সংবাদ মাধ্যমৰ আগত মত প্ৰকাশ কৰে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande