(আপডেট) ৰাজ্যৰ বিজেপি চৰকাৰৰ বান মুক্ত অসম, শিক্ষা-স্বাস্থ্য, আন্তঃগাথনি উন্নয়ন, ক্রীড়া-দক্ষতা বিকাশ, বিনিয়োগ-আত্মনিৰ্ভৰ আদি দিশত অগ্ৰগতি লাভঃ মন্ত্ৰী পিযুষ হাজৰিকা
গুৱাহাটী, ০১ এপ্রিল (হি.স.)। ৰাজ্যৰ মুখ্য়মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰ খনে বান মুক্ত অসম, শিক্ষা-স্বাস্থ্য, আন্তঃগাথনি উন্নয়ন, ক্রীড়া-দক্ষতা বিকাশ, বিনিয়োগ-আত্মনিৰ্ভৰ আদি দিশত অগ্ৰগতি লাভ কৰা বুলি দাবী কৰিছে। ৰাজ্য় চৰকাৰখনৰ
गुवाहाटी स्थित प्रदेश भाजपा मुख्यालय में शनिवार को आयोजित संवाददाता सम्मेलन को संबोधित करते असम सरकार के मंत्री पीयूष हजारिका।


গুৱাহাটী, ০১ এপ্রিল (হি.স.)। ৰাজ্যৰ মুখ্য়মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰ খনে বান মুক্ত অসম, শিক্ষা-স্বাস্থ্য, আন্তঃগাথনি উন্নয়ন, ক্রীড়া-দক্ষতা বিকাশ, বিনিয়োগ-আত্মনিৰ্ভৰ আদি দিশত অগ্ৰগতি লাভ কৰা বুলি দাবী কৰিছে। ৰাজ্য় চৰকাৰখনৰ কৃতিত্বৰ কথা আলোকপাত কৰি মন্ত্ৰী পিযুষ হাজৰিকাই কয় যে অসমত নিয়োগ আৰু চৰকাৰী চাকৰি সৃষ্টিৰ ক্ষেত্রত ২০২১ চনত প্রদান ১ লাখ চৰকাৰী চাকৰি প্রতিশ্রুতি অতিক্ৰম কৰি বৰ্তমানলৈ ১.৬৫ লাখতকৈ অধিক চৰকাৰী চাকৰি প্ৰদান কৰা হৈছে আৰু আগন্তুক ৫ বছৰত ২ লাখতকৈ অধিক নিযুক্তিৰ লক্ষ্য স্থিৰ কৰা হৈছে। তদুপৰি অসম কর্মসংস্থান যোজনাৰ অধীনত জিলা ভিত্তিক নিয়োগ মেলাৰ জৰিয়তে কর্মসংস্থাপন দিয়াৰ লগতে এটা ডিজিটেল চাকৰি প'ৰ্টেল আৰম্ভ কৰাৰ কথাও সদৰী কৰে।

আজি ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভৱনত অনুষ্ঠিত এখন সংবাদমেল সম্বোধন কৰে অসম চৰকাৰৰ কেবিনেট মন্ত্রী পিযুষ হাজৰিকাই এইদৰে মন্তব্য কৰে।

সংবাদ মেলখনত পিযুষ হাজৰিকাই কয় যে, প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ দূৰদৰ্শী নেতৃত্বত অসমত বিজেপি চৰকাৰে ৰাজ্যৰ যুৱ সমাজৰ বাবে উন্নয়ন, বিশ্বাস আৰু সমৃদ্ধিৰ এক নতুন অধ্যায় আৰম্ভ কৰিছে। চি এম ফ্লাইট” অভিযানৰ অধীনত অসমৰ যুৱক-যুৱতীক বিশ্ব স্তৰীয় চাকৰিৰ সুযোগৰ বাবে প্রশিক্ষিত কৰাৰ লগতে প্ৰতি গৰাকী প্রার্থীক ১ লাখ টকাকৈ প্রদান কৰা হৈছে।

গুৱাহাটীত উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো সামুদ্রীয় দক্ষতা বিকাশ কেন্দ্র” স্থাপন কৰা হৈছে। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ জৰিয়তে ১ লাখতকৈ অধিক যুৱক-যুৱতীক ১,০০০ কোটিতকৈ অধিক আর্থিক সহায় প্রদান কৰা হৈছে । আগন্তুক ৫ বছৰত ১০ লাখ যুৱক-যুৱতীক এই আঁচনিৰ অধীনত ৫ লাখ টকা পর্যন্ত সহায়ৰো আশ্বাস প্রদান কৰে ।

উল্লেখযোগ্য যে ২০২১ চনৰ পৰা ৬১৫টা ষ্টার্টআপক সহায় কৰা হৈছে বুলি মন্ত্রী পিযুষ হাজৰিকাই মন্তব্য কৰে। বৰ্তমানলৈকে বিজেপি চৰকাৰৰ দিনত এমএছএমই খণ্ডত ১২.৭৫ লাখ ইউনিটে ৮২ লাখতকৈ অধিক লোকক কর্মসংস্থান প্রদান কৰিছে। বিজেপি চৰকাৰে বিগত ৫ বছৰত শিক্ষা আৰু ছাত্ৰ-ছাত্ৰীৰ কল্যাণৰ ক্ষেত্ৰতো অভূতপূর্ব পদক্ষেপ গ্রহণ কৰিছে।

বছৰি ৫৭ লাখ শিক্ষার্থীক বিনামূলীয়া পাঠ্যপুথি আৰু ৪৩ লাখ শিক্ষার্থীক ইউনিফৰ্ম প্ৰদান কৰাৰ লগতে ১০ লাখৰো অধিক ছাত্র-ছাত্রীক চাইকেল প্রদান কৰা হৈছে । দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীৰ বাবে প্রাক প্রাথমিকৰ পৰা স্নাতকোত্তৰ পৰ্যায়লৈ বিনামূলীয়া শিক্ষা নিশ্চিত কৰাৰ লগতে ১.৩ লাখ মেধাৱী ছাত্র-ছাত্রীয়ে স্কুটি লাভ কৰিছে । তদুপৰি নিযুত মইনা আঁচনিৰ জৰিয়তে ৰাজ্যৰ ৩.৮৯ লাখ কন্যা শিক্ষার্থীক আর্থিকভাবে সহায় কৰা হৈছে ।

উচ্চ শিক্ষা আৰু দক্ষতা বিকাশৰ লক্ষ্য আগত ৰাখি ৰাজ্যৰ ১০খন মহাবিদ্যালয়ক বিশ্ববিদ্যালয়লৈ উন্নীতকৰণ কৰা হৈছে আৰু ৪খন নতুন বিশ্ববিদ্যালয় স্থাপন কৰাৰ লগতে এইমছ, আইআইএম আদিৰ দৰে উচ্চ পৰ্যায়ৰ শিক্ষানুষ্ঠানো স্থাপন কৰা হৈছে । অসম দক্ষতা বিকাশ বিশ্ববিদ্যালয়” শিক্ষাবর্ষ আৰম্ভ কৰাৰ সমান্তৰালভাৱে স্কিল যাত্রা” আঁচনিৰ জৰিয়তে ৰাজ্যৰ সহস্রাধিক যুৱক-যুৱতীক প্রশিক্ষণ দিয়া হৈছে ।

প্রতিযোগিতামূলক পৰীক্ষা যেনে ইউপিএছচি, এপিএছচি, এছএছচি আদিৰ পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে বিনামূলীয়া কোচিং প্রদান কৰি থকা হৈছে । ইয়াৰ ওপৰিও ৰাজ্যৰ ছাত্ৰ-ছাত্ৰীৰ বাবে জে.ই.ই, নীট, চিএলএটি, চিইউইটি আদি পৰিক্ষাৰ বিশেষ কোচিংৰ ব্যৱস্থা কৰাৰ লগতে সামৰিক বাহিনীৰ প্ৰশিক্ষণ প্রতিষ্ঠান স্থাপন কৰাৰ কথাও সংবাদ মেলখনত উল্লেখ কৰা হৈছে ।

ৰাজ্যৰ উদ্যোগ খণ্ডত বিনিয়োগ সৃষ্টিৰে নতুন উদ্যোগ স্থাপন কৰি নিযুক্তিৰ ক্ষেত্ৰত স্থানীয় যুৱক-যুৱতীক অগ্রাধিকাৰ দিয়াৰ কথাও মন্ত্রী পিযুষ হাজৰিকাই ব্যক্ত কৰে । ইতিমধ্যে জাগীৰোডত স্থাপন হোৱা টাটা ইলেকট্রনিকছৰ ২৭,০০০ কোটি টকাৰ ছেমিকণ্ডাক্টৰ প্ৰকল্পই ২৬,০০০তকৈ অধিক যুৱক-যুৱতীৰ সংস্থাপনৰ বাট মুকলি কৰিছে বুলি উল্লেখ কৰি অনাগত সময়ত অসম ইলেকট্রনিকছ মিছন আৰম্ভ কৰাৰ কথাও সদৰী কৰে । ক্রীড়া আৰু যুৱ কল্যাণ কথা উল্লেখ কৰি মন্ত্ৰী পিযুষ হাজৰিকাই কয় যে ৰাজ্যৰ প্ৰতিটো উন্নয়ন খণ্ডত আধুনিক মানদণ্ডৰ ক্ৰীড়া প্রকল্প আৰু প্ৰতিখন জিলাত একোখনকৈ খেল একাডেমি স্থাপন কৰা হ'ব ।

ইতিমধ্যে শ্রী শ্রী অনিৰুদ্ধদেৱ ক্রীড়া বিশ্ববিদ্যালয় স্থাপন কৰাৰ লগতে বিগত সময়ছোৱাত অনুষ্ঠিত হোৱা খেল মহাৰণত ৫৩ লাখতকৈ অধিক খেলুৱৈ অংশগ্রহণ কৰিছে । শক্তিশালী অসম গঢ়াৰ উদ্দেশ্যে ৰাজ্যজুৰি দক্ষতা জৰীপ চলোৱাৰ লগতে ড্ৰাগছ মুক্ত পৰিৱেশৰ বাবে নিচা মুক্ত অসম অভিযান আৰম্ভ কৰাৰ কথাও ঘোষণা কৰে ।

মন্ত্রী পিযুষ হাজৰিকাই কয় যে বিজেপি চৰকাৰে অসমত কেৱল বান নিয়ন্ত্ৰণ কৰাই নহয়, ইয়াক সমাপ্ত কৰাৰ দিশে আগবাঢ়িছে । অসম হিতৈষী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অসমৰ স্বপ্নদ্রষ্টা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিজেপি চৰকাৰে অসমৰ বান সমস্যা নিয়ন্ত্ৰণ কৰাটো এক অন্যতম লক্ষ্য হিচাপে সংকল্প লৈছে। আগন্তুক ৫ বছৰত ১৮,০০০ কোটি টকাৰ অধিক বিনিয়োগেৰে বানমুক্ত অসম মিছন আৰম্ভ কৰাৰ লগতে বানপানী নিয়ন্ত্ৰণৰ বাবে এক পূর্ণাঙ্গ, দীর্ঘম্যাদী পৰিকল্পনা যুগত কৰাৰ কথাও সংবাদ মেলখনত বর্ণনা কৰে ।

নদী পুনৰুজ্জীৱন আঁচনিৰ অধীনত আধুনিক প্রযুক্তিৰে মথাউৰি নিৰ্মাণ, নদীৰ গৰাখহনীয়া ৰোধ আৰু ক্ষয় হোৱা মাটি পুনৰুদ্ধাৰ কৰাৰ উদ্দেশ্যে বিশেষ স্বেচ্ছাসেৱক নিয়োগেৰে বান পর্যবেক্ষণ কৰিবলৈ বান নিৰীক্ষক বাহিনীৰ গঠন কৰাৰ কথাও সদৰী কৰে। চহৰাঞ্চলত উন্নত মানসম্পন্ন নলা-নর্দমা নিৰ্মাণ কৰাৰ কথাও উল্লেখ কৰে ।

ৰাষ্ট্ৰীয় জলপথ-২ উন্নয়ন কৰি নদীক অর্থনৈতিক বিকাশৰ উৎস হিচাপে ব্যৱহাৰ কৰাৰ কথাও ঘোষণা কৰা হৈছে । ২০২১-২০২৫ বৰ্ষৰ সময়ছোৱাত দুর্যোগকালীন পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ চৰকাৰে ১,৭০৫ খন নাওঁ আৰু ৭ খন হেলিকপ্টাৰ ব্যৱহাৰ কৰি উদ্ধাৰ অভিযান চলোৱাৰ কথাও ঘোষণা কৰে ।

উল্লেখযোগ্য যে অভিযানত ১,৩০,০৮৪ গৰাকী ব্যক্তি আৰু ৯৬,১১৯টা জীৱ-জন্তু নিৰাপদে উদ্ধাৰ কৰা হৈছে আৰু ২৯৮ জন লোকক হেলিকপ্টাৰেৰে সুৰক্ষিত স্থানলৈ লৈ যোৱা হৈছে । এনডিআৰএফ, এছডিআৰএফ, অগ্নি আৰু আপাতকালীন, অসামৰিক প্ৰতিৰক্ষা আদি সংস্থাসমূহে একেলগে কাম কৰাৰ লগতে আৰ্তজনক ১,৪৭,৭৯৭ কুইন্টল চাউল, ২৮,৩১৯ কুইন্টল দাইল, ৮,৭৬৮ কুইন্টল নিমখ আৰু ২৩.৭৬ লাখ লিটাৰ মিঠাতেল বিতৰণ কৰা হৈছে। ১,৮০৮ গৰাকী চিকিৎসকৰ দল বন্যাপীড়িত এলেকাত নিয়োজিত কৰি বানপীড়িতৰ চিকিৎসাৰ ব্যৱস্থা লোৱাৰ কথাও মন্ত্রী পিযুষ হাজৰিকাই ঘোষণা কৰে।

হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ


 rajesh pande