গৌৰীপুৰত নিৰ্বাচনী সভাত অখিল গগৈৰ বিজেপিৰ বিৰুদ্ধে অদ্ভুত অভিযোগ
ধুবুৰী, ০৪ এপ্ৰিল (হি.স.)। ৰাইজৰ দলৰ নেতা অখিল গগৈয়ে শনিবাৰে গৌৰীপুৰত অনুষ্ঠিত নিৰ্বাচনী প্ৰচাৰ সভাত বিজেপি চৰকাৰৰ বিৰুদ্ধে একাধিক অদ্ভুত অভিযোগ উত্থাপন কৰে। সভাত ভাষণ প্ৰদান কৰি গগৈয়ে কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ সময়ত নামনি অসমৰ
विधायक अखिल गोगोई गुवाहाटी में संवाददाता सम्मेलन को संबोधित करते हुए।


ধুবুৰী, ০৪ এপ্ৰিল (হি.স.)। ৰাইজৰ দলৰ নেতা অখিল গগৈয়ে শনিবাৰে গৌৰীপুৰত অনুষ্ঠিত নিৰ্বাচনী প্ৰচাৰ সভাত বিজেপি চৰকাৰৰ বিৰুদ্ধে একাধিক অদ্ভুত অভিযোগ উত্থাপন কৰে। সভাত ভাষণ প্ৰদান কৰি গগৈয়ে কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ সময়ত নামনি অসমৰ টুপী আৰু দাড়ি থকা মিঞা-মুছলমানসকলে গুৱাহাটীলৈ আহিবলৈ ভয় কৰে। তেওঁ অভিযোগ কৰে যে বিজেপি চৰকাৰৰ দিনত মিঞা-মুছলমানসকলক লক্ষ্য কৰি এনকাউণ্টাৰ কৰি নিশা মাৰি পেলোৱা হয় ।

গগৈয়ে লগতে কয় যে ৰাজ্যত কংগ্ৰেছৰ চৰকাৰ আহিলে মিঞা-মুছলমানসকলৰ সুৰক্ষা নিশ্চিত কৰা হ’ব। উচ্ছেদ অভিযানৰ সময়ত মিঞা-মুছলমানসকলৰ হৈ মাত দিয়াৰ বাবে তেওঁক বিজেপিয়ে “চুমা বাবা” বুলি আখ্যা দিয়া বুলি উল্লেখ কৰে। আহি থকা নিৰ্বাচনক লৈ ৰাজ্যজুৰি ৰাজনৈতিক তৎপৰতাৰ মাজতে এনে মন্তব্যই ৰাজনৈতিক পৰিৱেশ অধিক উত্তপ্ত কৰি তুলিছে।

-------------

হিন্দুস্থান সমাচাৰ / শ্ৰীপ্ৰকাশ


 rajesh pande