সুখয়-৩০ এম কে আই যুদ্ধ বিমান দুৰ্ঘটনা গ্ৰস্ত, দুজন পাইলট নিহত
কাৰ্বি আংলং, ০৬ মাৰ্চ (হি.স.)। অসমৰ কাৰ্বি আংলং জিলাৰ পাহাৰীয়া ভূখণ্ডত যোৱা কালি বৃহস্পতিবাৰে সন্ধিয়া দুৰ্ঘটনাগ্ৰস্ত হয় এখন সুখয়-৩০ এম কে আই যুঁজাৰু বিমান। এই দুৰ্ঘটনাত নিহত হয় যুঁজাৰু বিমান খনৰ দুয়োজন পাইলট। ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা এ
সুখয় বিমান দুৰ্ঘটনাত নিহত পাইলট দুগৰাকী


কাৰ্বি আংলঙৰ পাহাৰত দুৰ্ঘটনা সংঘটিত হোৱা সুখয় ৩০ যুদ্ধ বিমানৰ ফটো।


কাৰ্বি আংলং, ০৬ মাৰ্চ (হি.স.)। অসমৰ কাৰ্বি আংলং জিলাৰ পাহাৰীয়া ভূখণ্ডত যোৱা কালি বৃহস্পতিবাৰে সন্ধিয়া দুৰ্ঘটনাগ্ৰস্ত হয় এখন সুখয়-৩০ এম কে আই যুঁজাৰু বিমান। এই দুৰ্ঘটনাত নিহত হয় যুঁজাৰু বিমান খনৰ দুয়োজন পাইলট।

ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা এটা পোষ্টত ভাৰতীয় বায়ুসেনাই সুখয়-৩০ বিমান দুৰ্ঘটনাত ভয়াৱহ দুৰ্ঘটনাত স্কোয়াড্ৰন নেতা অনুজ আৰু ফ্লাইট লেফটেনেণ্ট পূৰ্বেশ দুৰাগকাৰৰ মৃত্যুৰ কথা ঘোষণা কৰে। আই এ এফে উল্লেখ কৰে যে ভাৰতীয় বায়ুসেনাৰ সকলো জোৱানে আন্তৰিক শোক প্ৰকাশ কৰিছে আৰু এই শোকৰ সময়ত শোকসন্তপ্ত পৰিয়ালসমূহৰ সৈতে দৃঢ়তাৰে থিয় দিছে।

খবৰ অনুসৰি বৃহস্পতিবাৰে নিশা প্ৰায় ৭:৪৫ বজাত সংঘটিত হয় এই দুৰ্ঘটনা। বিমানখনৰ সৈতে যোগাযোগ নোহোৱা হোৱাৰ পিছত যোৰহাট বায়ুসেনাৰ দলটোৱে দুৰ্ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। বায়ুসেনাৰ দলটোৱে সেই স্থানত উপস্থিত হ’বলৈ প্ৰায় চাৰি ঘণ্টা সময় লাগিছিল। অৱশ্যে এই দুৰ্ঘটনাৰ কাৰণ জানিব পৰা হোৱা নাই।

খবৰ অনুসৰি যোৰহাটৰ পৰা উৰণৰ কিছু সময়ৰ পাছতে কাৰ্বি আংলং জিলাৰ এক দুৰ্গম, পাহাৰীয়া অঞ্চলত বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয়। এই তীব্ৰ শব্দই কাষৰীয়া গাঁৱৰ বাসিন্দাসকলৰ মাজত আতংক বিয়পাই দিলে। এই তথ্য লাভ কৰাৰ লগে লগে আৰক্ষী বিষয়াসকলে অনুসন্ধান আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰে।

কাৰ্বি আংলং জিলাৰ ৰংখেলেন গাঁৱৰ নিলিপ ব্লকৰ সমীপৰ এটা দুৰ্গম পাহাৰীয়া অঞ্চলত সংঘটিত হয় এই দুৰ্ঘটনা। স্থানীয় লোকৰ মতে, প্ৰায় ৭:৪৫ বজাত বিস্ফোৰণৰ দৰে তীব্ৰ শব্দ শুনা গৈছিল, যিয়ে চাৰিওফালৰ পাহাৰৰ মাজেৰে প্ৰতিধ্বনিত হৈছিল আৰু ওচৰৰ বসতিস্থলসমূহত আতংক বিয়পাইছিল।

প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, শব্দটো অতি উচ্চ আৰু পাহাৰীয়া ভূখণ্ডৰ মাজেৰে প্ৰতিধ্বনিত হোৱাৰ বাবে গাঁৱৰ লোকসকলে অঞ্চলটোত সামৰিক বিমান দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ সন্দেহ প্ৰকাশ কৰে। একাংশই বিস্ফোৰণৰ লগে লগে পাহাৰৰ পৰা ধোঁৱা ওলোৱাও দেখিবলৈ পায়।

সূত্ৰৰ পৰা জানিব পৰা মতে, উক্ত বিমানখন যোৰহাট বায়ু সেনাৰ ঘাটিৰ পৰা নিয়মীয়া প্ৰশিক্ষণ উৰণৰ বাবে উৰা মাৰিছিল। যোৱা কালি সন্ধিয়া বিমানখনৰ ৰাডাৰৰ সৈতে সংযোগ বিচ্ছিন্ন হৈ পৰে। বায়ু সেনাৰ যোৰহাট এয়াৰবেছৰ পৰা চাৰিখন সুখয়-৩০ এম কে আই যুদ্ধ (Sukhoi Su-30MKI) যুঁজাৰু বিমান প্ৰশিক্ষণ উৰণত ওলাইছিল। ইয়াৰ ভিতৰত তিনিখন বিমান সুৰক্ষিতভাৱে ঘূৰি যায় যদিও এখন বিমান ৰাডাৰৰ সৈতে সংযোগ বিচ্ছিন্ন হোৱাৰ পিচত নিখোজ হৈ পৰে। ইপিনে, এই সময়তে কাৰ্বি আংলঙ জিলাৰ চকীহোলা অঞ্চলৰ ৰংখেলেন গাঁৱৰ নিলিপ ব্লকৰ ওচৰৰ পাহাৰীয়া অঞ্চলত স্থানীয় লোকে প্ৰচণ্ড শব্দ শুনাৰ পিচতে অৰণ্যৰ মাজত প্ৰচণ্ড ধোঁৱা আৰু জুই দেখা পায়। ইয়াৰ পিচতেই বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱা নিশ্চিত হয়। বিমানখনত এজন পাইলট আৰু এজন সহ-পাইলট আছিল। ঘটনাটোৰ খবৰ পোৱাৰ লগে লগেই ভাৰতীয় বায়ু সেনা বাহিনী আৰু স্থানীয় আৰক্ষী প্ৰশাসনে অঞ্চলটোত উদ্ধাৰ আৰু সাহায্য (Search and Rescue Operation) আৰম্ভ কৰে । পাহাৰীয়া আৰু দূৰ্গম এলেকা হোৱাৰ বাবে উদ্ধাৰকাৰী দলসমূহে ঘটনাস্থলীত উপস্থিত হ’বলৈ কিছু অসুবিধাৰ সন্মুখীন হৈছে।

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande