
কলকাতা, ০৬ মাৰ্চ (হি.স.)। ভূ-ৰাজনৈতিক প্ৰতিযোগিতাৰ ফলত উদ্ভৱ হোৱা অস্থিৰতাৰ ভাবুকি ক্ৰমান্বয়ে নতুন স্বাভাৱিক হৈ পৰিছে বুলি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয়। তেওঁ কয় যে স্থল, সাগৰ আৰু আকাশৰ লগতে মহাকাশতো ক্ৰমাৎ বৃদ্ধি পোৱা ভূ-ৰাজনৈতিক প্ৰতিযোগিতা চিন্তাৰ বিষয়। তেওঁ বিশেষভাৱে উপসাগৰীয় অঞ্চলত আমেৰিকা, ইজৰাইল আৰু ইৰাণৰ মাজত বৃদ্ধি পোৱা উত্তেজনাৰ কথা উল্লেখ কৰি কয় যে এনে পৰিস্থিতিয়ে বিশ্ব অৰ্থনীতি আৰু শক্তি সুৰক্ষাৰ ওপৰত প্ৰত্যক্ষ প্ৰভাৱ পেলায়।
শুকুৰবাৰে কলকাতাত অনুষ্ঠিত ‘সাগৰ সংকল্প আলোচনা চক্ৰ’ত ভাষণ দি ৰাজনাথ সিঙে কয় যে বিশ্ব শক্তি যোগানৰ বাবে পাৰ্চী উপসাগৰ আৰু হৰমুজ জলদ্বীপ অতি গুৰুত্বপূৰ্ণ। গতিকে এই অঞ্চলত যিকোনো বিঘিনি ঘটিলে সমগ্ৰ বিশ্বতে তেল আৰু গেছৰ যোগানত প্ৰত্যক্ষ প্ৰভাৱ পৰে।
প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে পশ্চিম এছিয়াৰ বৰ্তমানৰ পৰিস্থিতি অস্বাভাৱিক আৰু এই সংকটে কি দিশলৈ গতি কৰিব সেয়া আগজাননী দিয়াটো কঠিন। ইয়াৰ পিছতো তেওঁ আস্থা প্ৰকাশ কৰে যে ভাৰত সামুদ্ৰিক খণ্ডত নেতৃত্বৰ ভূমিকা পালন কৰিবলৈ সক্ষম।
ৰাজনাথ সিঙে কয় যে বিশ্বৰ অনিশ্চয়তাৰ সময়ত যোগান শৃংখলৰ ব্যাঘাতৰ পৰা হাত সাৰিবলৈ আত্মনিৰ্ভৰশীলতাই একমাত্ৰ উপায়। তেওঁ কয় যে দেশৰ প্ৰতিৰক্ষা খণ্ডত উচ্চমানৰ আৰু নিখুঁত প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে আৰু প্ৰতিৰক্ষা খণ্ডই আত্মনিৰ্ভৰশীলতাৰ দিশত আগবাঢ়িছে। ৰাজহুৱা খণ্ডৰ কোম্পানীসমূহে মূল ভূমিকা পালন কৰিছে।
তেওঁ লগতে উল্লেখ কৰে যে জাহাজ নিৰ্মাণৰ ক্ষেত্ৰত ভাৰতক বিশ্বৰ শীৰ্ষ ১০খন দেশৰ ভিতৰত অন্যতম কৰি তোলাৰ লক্ষ্য কেন্দ্ৰীয় চৰকাৰৰ।
প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় যে বৰ্তমান বিশ্বব্যাপী ভূ-ৰাজনৈতিক পৰিস্থিতিত মহাসাগৰসমূহ পুনৰবাৰ শক্তিৰ ভাৰসাম্যৰ কেন্দ্ৰবিন্দু হৈ পৰিছে আৰু ভাৰতে এক আগশাৰীৰ সামুদ্ৰিক ৰাষ্ট্ৰ হিচাপে স্পষ্ট দৃষ্টিভংগী, সামৰ্থ্য আৰু আত্মবিশ্বাসেৰে নেতৃত্ব দিব লাগিব।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া