চলিত ২০২৬ৰ ৩১ মাৰ্চৰ ভিতৰত দেশ নক্সালবাদৰ পৰা মুক্ত হ’বঃ অমিত শ্বাহ
ভুৱনেশ্বৰ, ০৬ মাৰ্চ (হি.স.)। কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে শুক্ৰবাৰে কয় যে ভাৰত ৩১ মাৰ্চ ২০২৬ লৈকে নক্সালবাদৰ পৰা সম্পূৰ্ণৰূপে মুক্ত হ''ব। তেওঁ কয় যে নিৰাপত্তা বলৰ অবিৰত অভিযান আৰু কেন্দ্ৰীয় চৰকাৰৰ দৃঢ় সংকল্পৰ বাবে দেশ এতিয়া এই সমস্যাৰ পৰ
अमित शाह


ভুৱনেশ্বৰ, ০৬ মাৰ্চ (হি.স.)। কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে শুক্ৰবাৰে কয় যে ভাৰত ৩১ মাৰ্চ ২০২৬ লৈকে নক্সালবাদৰ পৰা সম্পূৰ্ণৰূপে মুক্ত হ'ব। তেওঁ কয় যে নিৰাপত্তা বলৰ অবিৰত অভিযান আৰু কেন্দ্ৰীয় চৰকাৰৰ দৃঢ় সংকল্পৰ বাবে দেশ এতিয়া এই সমস্যাৰ পৰা মুক্তিৰ শেষ পৰ্যায়ত উপস্থিত হৈছে । কটকত মুন্ডুলীত কেন্দ্ৰীয় উদ্যোগিক নিৰাপত্তা বল (চিআইএছএফ)ৰ ৫৭তম প্ৰতিষ্ঠা দিৱস উদযাপন অনুষ্ঠানত ভাষণ দি শ্বাহে কয় যে কেন্দ্ৰ চৰকাৰে দেশৰ পৰা নক্সলবাদ সম্পূৰ্ণৰূপে অৱসান কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ।

তেওঁ কয় যে ৩১ মাৰ্চৰ ভিতৰত ভাৰত নক্সালবাদৰ পৰা মুক্ত হ’ব বুলি দেশবাসীক আশ্বাস দিছো। শ্বাহে কয় যে নিৰাপত্তা বাহিনীৰ সমন্বিত আৰু নিৰন্তৰ অভিযানৰ বাবে দেশ এতিয়া এই দশক পুৰণি সমস্যাৰ পৰা মুক্তি পোৱাৰ দুৱাৰমুখত উপনীত হৈছে।

নৰেন্দ্ৰ মোডী নেতৃত্বাধীন চৰকাৰখনে নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত নক্সালবাদ নিৰ্মূল কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ বুলিও তেওঁ কয় আৰু এই দিশত চি আই এছ এফে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। শ্বাহে কয় যে ওড়িশা হওক, ছত্তীশগড় হওক, তেলেংগানা হওক, নক্সালবাদৰ বিৰুদ্ধে যুঁজত চিআইএছএফে উল্লেখযোগ্য অৱদান আগবঢ়াইছে।

তিৰুপতিৰ পৰা পশুপতিলৈ ৰেড কৰিডৰ সৃষ্টিৰ সপোন দেখাসকলক নিৰাপত্তা বাহিনীয়ে সম্পূৰ্ণৰূপে পৰাস্ত কৰিব বুলিও তেওঁ তথাকথিত ৰেড কৰিডৰৰ ধাৰণাটোক আক্ৰমণ কৰে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত আমাৰ নিৰাপত্তা বাহিনীয়ে এই প্ৰত্যাহ্বান সম্পূৰ্ণৰূপে নাইকিয়া কৰিব, যিটো এক বৃহৎ সাফল্য হ’ব।

ইয়াৰ পূৰ্বে অমিত শ্বাহ ভুৱনেশ্বৰত উপস্থিত হয়, য’ত তেওঁক আদৰণি জনায় ওড়িশাৰ মুখ্যমন্ত্ৰী মোহন মাঝি, উপ-মুখ্যমন্ত্ৰী প্ৰভাতি পৰিদা, আৰু ৰাজ্যিক বিজেপিৰ সভাপতি মনমোহন সমলকে ধৰি অন্যান্য নেতাই। ইয়াৰ পিছত তেওঁ মুণ্ডালীলৈ গৈ চিআইএছএফৰ প্ৰতিষ্ঠা দিৱস উদযাপনত অংশগ্ৰহণ কৰে।

ভাষণত কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে দেশৰ গুৰুত্বপূৰ্ণ ঔদ্যোগিক একক আৰু প্ৰতিষ্ঠানসমূহ সুৰক্ষা প্ৰদানৰ ক্ষেত্ৰত চিআইএছএফৰ অৱদানক প্ৰশংসা কৰে। তেওঁ কয়, চিআইএছএফৰ ৫৭ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰাষ্ট্ৰৰ নিৰাপত্তাৰ প্ৰতি সমৰ্পণৰ বাবে সকলো কৰ্মী আৰু তেওঁলোকৰ পৰিয়ালক ধন্যবাদ জনাইছো। ভাৰত বিশ্বৰ আগশাৰীৰ অৰ্থনীতি হোৱাৰ বাবে ঔদ্যোগিক উন্নয়ন অতি প্ৰয়োজনীয়, আৰু সেই উন্নয়নক সুৰক্ষিত কৰিবলৈ ৰাষ্ট্ৰীয় পৰ্যায়ৰ ঔদ্যোগিক নিৰাপত্তা শক্তিৰ প্ৰয়োজন ।

শ্বাহে কয় যে বিগত ৫৬ বছৰত চিআইএছএফে কেৱল শক্তিৰে নিজৰ দায়িত্ব পালন কৰাই নহয়, পৰিৱৰ্তিত নিৰাপত্তাজনিত প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰিবলৈ নিজকে আধুনিকীকৰণ কৰিছে ।

তেওঁ কয়, শৌৰ্য্য, ত্যাগ, আৰু আত্মত্যাগ ভাৰতৰ গৌৰৱময় ইতিহাসৰ চিহ্ন। এই মূল্যবোধসমূহক নিষ্ঠা আৰু আধুনিক অস্ত্ৰ-শস্ত্ৰৰ সৈতে সংযুক্ত কৰি চিআইএছএফে প্ৰতিটো প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ সাহস প্ৰদৰ্শন কৰিছে ।

শ্বাহে কয় যে উন্নত ভাৰত ২০৪৭ৰ লক্ষ্যত উপনীত হোৱাৰ লগতে দেশৰ উদ্যোগিক সম্প্ৰসাৰণৰ সুৰক্ষাৰ ক্ষেত্ৰত চিআইএছএফৰ ভূমিকা গুৰুত্বপূৰ্ণ হৈ থাকিব ।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande