
নতুন দিল্লী, ০৫ মাৰ্চ (হি.স.)। বাজেটৰ পিছৰ ৱেবিনাৰ অধিবেশন ২০২৬ৰ অংশ হিচাপে শুকুৰবাৰে শ্বি-মাৰ্টৰ বিষয়টো চৰ্চা কৰা হ’ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই অধিবেশনত ভাষণ দিব। কেন্দ্ৰীয় গ্ৰামোন্নয়ন মন্ত্ৰালয়ে বৃহস্পতিবাৰে ৱেবিনাৰত যোগদান কৰিবলৈ আহ্বান জনোৱাৰ সময়তে কয় যে শ্বে-মাৰ্টে গ্ৰাম্য মহিলাসকলক উৎপাদনৰ পৰা ব্ৰেণ্ডিংলৈ, স্থানীয় বিক্ৰীৰ পৰা ৰাষ্ট্ৰীয় প্ৰতিযোগিতালৈ যোৱাত সহায় কৰিব। আজিৰ মহিলা উদ্যোগীসকল কাইলৈৰ ব্যৱসায়িক নেতা।
মন্ত্ৰালয়ে উল্লেখ কৰে যে এইটো কেৱল সামগ্ৰী বিক্ৰীৰ স্থানেই নহয়, আত্মবিশ্বাস বৃদ্ধি পাব, সপোন বাস্তৱায়িত হ’ব, আৰু মহিলাসকলে উদ্যোগী হিচাপে নিজৰ উচিত স্থান বিচাৰি পাব। দীনদয়াল অন্ত্যোদয় যোজনা - ৰাষ্ট্ৰীয় গ্ৰাম্য জীৱিকা অভিযানৰ তত্বাৱধানত তেওঁলোকে এতিয়া বৃহৎ বজাৰত প্ৰৱেশ কৰিব, উচিত মূল্য উপাৰ্জন কৰিব, শক্তিশালী নেটৱৰ্ক গঢ়ি তুলিব, আৰু তেওঁলোকৰ কঠোৰ পৰিশ্ৰমক স্থায়ী সফলতা আৰু আত্মনিৰ্ভৰশীলতালৈ ৰূপান্তৰিত কৰিব।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাষণ দিবলগীয়া গ্ৰাম্য মহিলা নেতৃত্বাধীন উদ্যোগৰ বাবে শ্বি-মাৰ্ট শীৰ্ষক বাজেটৰ পিছৰ ৱেবিনাৰ অধিবেশনৰ বাবে আমাৰ সৈতে যোগদান কৰক।
উল্লেখযোগ্য যে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে মহিলা সৱলীকৰণৰ দিশত এক পদক্ষেপ হিচাপে ২০২৬–২৭ চনৰ বাজেটত শ্বি-মাৰ্টছ প্ৰতিষ্ঠা কৰাৰ কথা ঘোষণা কৰিছিল। এই মাৰ্টসমূহ গ্ৰাম্য মহিলা নেতৃত্বাধীন উদ্যোগ হিচাপে গঢ়ি তোলা হ’ব য’ত মহিলাসকলে নিজেই নিজৰ সামগ্ৰী বিক্ৰী কৰিব পাৰিব। চৰকাৰৰ লক্ষ্য হৈছে মহিলাসকলক পোনপটীয়াকৈ বজাৰৰ সৈতে সংযোগ কৰা, যাতে তেওঁলোকে কেৱল উৎপাদন নহয়, নিজৰ ব্যৱসায়ৰ প্ৰকৃত মালিক হ’ব পাৰে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া