
দন্তেৱাড়া, ০৫ মাৰ্চ (হি.স.)। ছত্তীশগড়ৰ দন্তেৱাড়া জিলাৰ গীদাম থানা এলেকাৰ অন্তৰ্গত গুমলানাৰ, গিৰছাপাৰা আৰু নেলগোডাৰ মাজত হোৱা বনাঞ্চল আৰু পাহাৰীয়া অঞ্চলত সংঘটিত হোৱা এক এনকাউণ্টাৰত ৫ লাখ টকাৰ পুৰস্কাৰ কঢ়িয়াই ফুৰা এজন নক্সালবাদী নিহত হয়।
ঘটনাস্থলীৰ পৰা এটা এছ এল আৰ, এটা ইনছাছ ৰাইফল, এটা পিষ্টল, বহু পৰিমাণৰ গুলী, আৰু নক্সালাইট সামগ্ৰী উদ্ধাৰ কৰা হৈছে।
বনাঞ্চলত নক্সালবাদী কাৰ্যকলাপৰ তথ্য অনুসৰি আৰক্ষী অধীক্ষক দান্তেৱাদাৰ নিৰ্দেশমৰ্মে ডি আৰ জি আৰু বাষ্টাৰ ফাইটাৰছৰ এটা দলক উপ-আৰক্ষী অধীক্ষক (নক্সাল অ’পছ) ৰাহুল কুমাৰ উইকেৰ নেতৃত্বত প্ৰেৰণ কৰা হয়। যোৱা ৩ মাৰ্চৰ নিশা প্ৰায় ৯ বজাত নিৰাপত্তা বাহিনী আৰু নক্সালবাদীৰ মাজত এক এনকাউণ্টাৰ সংঘটিত হয়।এই এনকাউণ্টাৰৰ পিছতে পিছদিনা জোৱানসকলে বনাঞ্চলত তালাচী অভিযান আৰম্ভ কৰে। তালাচীৰ সময়ত এনকাউণ্টাৰ স্থানৰ পৰা উদ্ধাৰ হয় এজন পুৰুষ অস্ত্ৰধাৰী নক্সালবাদীৰ মৃতদেহ। ঘটনাস্থলীৰ পৰা এটা এছ এল আৰ, এটা ইনছাছ ৰাইফল, এটা পিষ্টল, বৃহৎ পৰিমাণৰ খালী কাৰ্টিজ, আৰু নক্সালাইট সামগ্ৰী উদ্ধাৰ কৰা হৈছে।
বৃহস্পতিবাৰে এই এনকাউণ্টাৰৰ কথা নিশ্চিত কৰি দন্তৱাড়াৰ আৰক্ষী অধীক্ষক গৌৰৱ ৰায়ে কয় যে এনকাউণ্টাৰ স্থানৰ পৰা উদ্ধাৰ হোৱা পুৰুষ নক্সালবাদীজনৰ মৃতদেহটো বিজাপুৰ জিলাৰ গংগালুৰ আৰক্ষী থানাৰ গাঁও বুৰ্জীৰ বাসিন্দা ভৈৰামগড় আঞ্চলিক সমিতিৰ সদস্য ৰাজেশ পুনম, এচিএম বুলি চিনাক্ত কৰা হৈছে। ৰাজেশ পুনমৰ শিৰত ৫ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰা হৈছিল।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া