আলবেনিয়াত আবদ্ধ হৈ থকা মধ্যপ্ৰদেশৰ আন্তঃৰাষ্ট্ৰীয় মল্লযুঁজাৰু প্ৰিয়ংশী প্ৰজাপতি নিৰাপদে উভতিল
- প্ৰিয়ংশীৰ পৰিয়ালৰ মুখ্যমন্ত্ৰী ড° যাদৱৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন ভূপাল, ০৫ মাৰ্চ (হি.স.)। মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী ড০ মোহন যাদৱৰ প্ৰচেষ্টাত পশ্চিম এছিয়াৰ যুদ্ধৰ মাজতে আলবেনিয়াৰ টিৰানাত আবদ্ধ হৈ থকা মধ্যপ্ৰদেশৰ কন্যা মল্লযুঁজাৰু প্ৰিয়ংশী প্ৰজ
रेसलर प्रियांशी प्रजापति के पिता से वीडियो कॉल पर बात करते हुए मुख्यमंत्री डॉ. मोहन यादव


- প্ৰিয়ংশীৰ পৰিয়ালৰ মুখ্যমন্ত্ৰী ড° যাদৱৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন

ভূপাল, ০৫ মাৰ্চ (হি.স.)। মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী ড০ মোহন যাদৱৰ প্ৰচেষ্টাত পশ্চিম এছিয়াৰ যুদ্ধৰ মাজতে আলবেনিয়াৰ টিৰানাত আবদ্ধ হৈ থকা মধ্যপ্ৰদেশৰ কন্যা মল্লযুঁজাৰু প্ৰিয়ংশী প্ৰজাপতি নিৰাপদে উভতি আহিছে। প্ৰিয়ংশী তালৈ গৈছিল বিশ্ব মল্লযুঁজ চেম্পিয়নশ্বিপ ৰেংকিং ছিৰিজত অংশগ্ৰহণ কৰিবলৈ ।

জনসংযোগ বিষয়া অশোক মানৱানীয়ে বৃহস্পতিবাৰে কয় যে বুধবাৰে গভীৰ নিশা মুখ্যমন্ত্ৰী ডাঃ যাদৱেও উজ্জয়িনত প্ৰিয়ংশীৰ পৰিয়ালৰ সৈতে ভিডিঅ’ কলৰ জৰিয়তে কথা পাতিছিল। প্ৰিয়ংশীৰ পিতৃ মুকেশ প্ৰজাপতিয়ে মুখ্যমন্ত্ৰী ড০ যাদৱৰ সহায়ৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে।

দৰাচলতে ২৬ ফেব্ৰুৱাৰীত ২৪ ফেব্ৰুৱাৰীৰ পৰা ২৮ ফেব্ৰুৱাৰীলৈ আলবেনিয়াত অনুষ্ঠিত হোৱা বিশ্ব মল্লযুঁজ চেম্পিয়নশ্বিপত প্ৰিয়ংশীয়ে উজ্জ্বল প্ৰদৰ্শন আগবঢ়াইছিল, কাজাখস্তান, আমেৰিকা, আলবেনিয়াৰ মল্লযুঁজাৰুসকলক পৰাস্ত কৰিছিল। যোৱা বছৰ এছিয়ান ছিৰিজতো স্বৰ্ণ পদক লাভ কৰি দেশ তথা ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছিল। মুখ্যমন্ত্ৰী ড° যাদৱে প্ৰিয়ংশীক তেওঁৰ অসাধাৰণ প্ৰদৰ্শন আৰু ৰূপৰ পদক লাভ কৰাৰ বাবে অভিনন্দন জ্ঞাপন কৰে ।

উল্লেখযোগ্য যে শেহতীয়াকৈ মধ্যপ্ৰাচ্য এছিয়াত ক্ৰমাৎ বৃদ্ধি পোৱা যুদ্ধৰ উত্তেজনাৰ বাবে প্ৰিয়ংশী আৰু তেওঁৰ লগত থকা সকলো খেলুৱৈ তাত আবদ্ধ হৈ পৰিছিল ।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande