আমেৰিকাৰ আক্ৰমণত নিহত ৯০ জন নাৱিকৰ মৃতদেহ গতাই দিবলৈ শ্ৰীলংকাক অনুৰোধ ইৰাণৰ
কলম্বো, ০৫ মাৰ্চ (হি.স.)। ইৰানে যুদ্ধ জাহাজ আইৰিছ ডেনাত আমেৰিকাৰ আক্ৰমণত নিহত হোৱা নাৱিকসকলৰ মৃতদেহ সমাধিস্থ কৰাৰ বাবে গতাই দিবলৈ শ্ৰীলংকাক অনুৰোধ জনাইছে । যুদ্ধ জাহাজখনত ১৮০ জন ইৰাণী নাৱিক আছিল। শ্ৰীলংকাৰ উপকূলত ইৰাণৰ যুদ্ধ জাহাজখনক লক্ষ্য কৰি ডু
आईआरआईएस डेना


কলম্বো, ০৫ মাৰ্চ (হি.স.)। ইৰানে যুদ্ধ জাহাজ আইৰিছ ডেনাত আমেৰিকাৰ আক্ৰমণত নিহত হোৱা নাৱিকসকলৰ মৃতদেহ সমাধিস্থ কৰাৰ বাবে গতাই দিবলৈ শ্ৰীলংকাক অনুৰোধ জনাইছে । যুদ্ধ জাহাজখনত ১৮০ জন ইৰাণী নাৱিক আছিল। শ্ৰীলংকাৰ উপকূলত ইৰাণৰ যুদ্ধ জাহাজখনক লক্ষ্য কৰি ডুবাই পেলায় আমেৰিকাৰ এখন ছাবমেৰিনে। এই সাহায্য অভিযানৰ নেতৃত্ব দিয়া শ্ৰীলংকাই ৯০টা মৃতদেহ উদ্ধাৰ হোৱা বুলি উল্লেখ কৰিছে যদিও সংখ্যা বৃদ্ধি পাব পাৰে। ইফালে, শ্ৰীলংকাত ইৰাণৰ আন এখন জাহাজৰ উপস্থিতি নিশ্চিত হোৱাৰ লগতে শ্ৰীলংকাৰ জলসীমাত লংঘন কৰিবলৈ শ্ৰীলংকা চৰকাৰৰ পৰা অনুমতি বিচাৰিছে।

শ্ৰীলংকাৰ আগশাৰীৰ বাতৰি কাকত ডেইলী মিৰ’ৰৰ মতে, শ্ৰীলংকাৰ সমীপৱৰ্তী ভাৰত মহাসাগৰত ইৰাণৰ নৌসেনাৰ জাহাজ আইৰিছ ডেনাত আমেৰিকাৰ চাবমেৰিনে আক্ৰমণত নিহত হোৱা ৯০ জন নাৱিকৰ মৃতদেহ সমাধিস্থ কৰাৰ বাবে ইৰাণে অনুৰোধ জনাইছে। সম্প্ৰতি আটাইকেইটা মৃতদেহ শ্ৰীলংকাৰ কৰপিটিয়াস্থিত ৰাষ্ট্ৰীয় চিকিৎসালয়ত ৰখা হৈছে।

শ্ৰীলংকাৰ উপ-স্বাস্থ্যমন্ত্ৰী হানছাকা উইজেমুনীয়ে কয় যে বৰ্তমানৰ সামৰিক পৰিস্থিতিৰ বাবে মৃতদেহসমূহ ইৰাণলৈ ঘূৰাই পঠোৱাৰ অনুৰোধ তৎকালীনভাৱে আৰম্ভ কৰিব নোৱাৰি। শ্ৰীলংকাই ইৰাণৰ কৰ্তৃপক্ষৰ সৈতে সমন্বয় কৰি মানক মৰণোত্তৰ পৰীক্ষা আৰু অধিক ব্যৱস্থা গ্ৰহণ কৰিছে। তেওঁ লগতে কয় যে শ্ৰীলংকাত বৰ্তমান ইমান বৃহৎ সংখ্যক মৃতদেহৰ বাবে পৰ্যাপ্ত শীতল সংৰক্ষণ ক্ষমতাৰ অভাৱ, আৰু অতিৰিক্ত শিতল ইউনিট ক্ৰয়ৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে।

মন কৰিবলগীয়া যে বুধবাৰে পুৱা প্ৰায় ৫:০৮ বজাত ইৰাণৰ নৌসেনাৰ যুদ্ধজাহাজ আই আৰ আই এছ ডেনা শ্ৰীলংকাৰ সমীপৰ আন্তঃৰাষ্ট্ৰীয় জলসীমাত ডুব যায়। প্ৰায় ১৮০ জন লোক আছিল জাহাজখনত। এই যুদ্ধজাহাজখনক লক্ষ্য কৰি লৈছিল আমেৰিকাৰ এখন ছাবমেৰিনে। আন্তঃৰাষ্ট্ৰীয় সামুদ্ৰিক চুক্তিৰ অধীনত শ্ৰীলংকাৰ নৌসেনাই উদ্ধাৰ অভিযানৰ সময়ত ৩২ জন জীৱিত লোকক উদ্ধাৰ কৰে, যিসকল বৰ্তমান কাৰাপিটিয়াৰ ৰাষ্ট্ৰীয় চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

ইৰাণে সকীয়াই দিছে আমেৰিকাই ইয়াৰ যথেষ্ট মূল্য দিব

ইৰাণৰ যুদ্ধ জাহাজত আমেৰিকাৰ আক্ৰমণৰ পিছত ইৰাণৰ বৈদেশিক মন্ত্ৰী ছেইদ আব্বাছ আৰাঘচিয়ে সকীয়াই দিছে যে আন্তঃৰাষ্ট্ৰীয় জলসীমাত যিকোনো জাহাজক লক্ষ্য কৰি লোৱাৰ বাবে আমেৰিকাই বৃহৎ মূল্য দিব। বৃহস্পতিবাৰে তেওঁ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত পোষ্ট কৰি কয় যে, “ইৰাণৰ উপকূলৰ পৰা ২০০০ মাইল দূৰত সাগৰত আমেৰিকাই এক জঘন্য অপৰাধ সংঘটিত কৰিছে।”

শ্ৰীলংকাত থকা ইৰাণৰ আন এখন যুদ্ধজাহাজক চৰকাৰে সকলো ধৰণৰ সুৰক্ষা প্ৰদান কৰিব

ইৰাণ আৰু আমেৰিকা-ইজৰাইলৰ মাজত চলি থকা সামৰিক সংঘাতৰ মাজতে শ্ৰীলংকাত ইৰাণৰ আন এখন যুদ্ধজাহাজৰ উপস্থিতি নিশ্চিত হৈছে । শ্ৰীলংকাৰ এক্সক্লুছিভ ইকনমিক জ’নত ইৰাণৰ আন এখন জাহাজ উপস্থিত থকাৰ কথা আজি নিশ্চিত কৰে শ্ৰীলংকা চৰকাৰৰ মুখ্য হুইপ মন্ত্ৰী নলিন্দা জয়তিছাই । শ্ৰীলংকাৰ জলসীমাত ইৰাণৰ আন এখন জাহাজৰ উপস্থিতিৰ বিষয়ে চৰকাৰে অৱগত নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত তেওঁ এই মন্তব্য কৰে। মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে ৰাষ্ট্ৰপতি, নিৰাপত্তা পৰিষদ, চৰকাৰে এই বিষয়ে অৱগত আৰু জাহাজত থকাসকলৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে চৰকাৰে সকলো প্ৰচেষ্টা চলাইছে। সংসদত প্ৰতিবেদন দাখিল কৰা হ’ব বুলি তেওঁ উল্লেখ কৰে। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি আই আৰ আই এছ ডেনাত আমেৰিকাৰ ছাবমেৰিনে আক্ৰমণ কৰাৰ পিছত ইৰাণৰ আন এখন জাহাজে নিজৰ সুৰক্ষাৰ আশাত শ্ৰীলংকাৰ জলসীমাত লংঘন কৰিবলৈ শ্ৰীলংকা চৰকাৰৰ পৰা অনুমতি বিচাৰিছে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande