মুম্বাই-আহমেদাবাদ বুলেট ট্ৰেইন প্ৰকল্পৰ ব্যয়ৰ ওপৰত জল্পনা-কল্পনা বিভ্ৰান্তিকৰ: এন এইচ এছ আৰ চি এল
নতুন দিল্লী, ০৫ মাৰ্চ (হি.স.)। ৰাষ্ট্ৰীয় উচ্চ স্পিড ৰেইল নিগম লিমিটেড (এনএইচএছআৰচিএল)য়ে বৃহস্পতিবাৰে মুম্বাই-আহমদাবাদ উচ্চ-গতি ৰেইল কৰিড''ৰৰ ব্যয়, ধন-সংগ্ৰহ আৰু টিকটৰ দৰ প্ৰচাৰত হোৱা অনুমানসমূহ বিভ্ৰান্তিকৰ বুলি উল্লেখ কৰি কয় যে প্ৰকল্পৰ বিষয়ে
बुलेट ट्रेन का प्रतिकात्मक चित्र


নতুন দিল্লী, ০৫ মাৰ্চ (হি.স.)। ৰাষ্ট্ৰীয় উচ্চ স্পিড ৰেইল নিগম লিমিটেড (এনএইচএছআৰচিএল)য়ে বৃহস্পতিবাৰে মুম্বাই-আহমদাবাদ উচ্চ-গতি ৰেইল কৰিড'ৰৰ ব্যয়, ধন-সংগ্ৰহ আৰু টিকটৰ দৰ প্ৰচাৰত হোৱা অনুমানসমূহ বিভ্ৰান্তিকৰ বুলি উল্লেখ কৰি কয় যে প্ৰকল্পৰ বিষয়ে কৰা বহু দাবী তথ্যগতভাৱে ভুল।

কংগ্ৰেছ দলৰ কেৰালা ইউনিটে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত এটা পোষ্ট শ্বেয়াৰ কৰাৰ পিছতে কোম্পানীটোৰ এই বিবৃতি প্ৰকাশ পাইছে, যাৰ ফলত প্ৰকল্পটোৰ ব্যয় অতিক্ৰমৰ ওপৰত প্ৰশ্ন উত্থাপন হৈছে। কংগ্ৰেছ দলে নিজৰ পদত দাবী কৰিছিল যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অভিলাষী মুম্বাই-আহমেদাবাদ বুলেট ট্ৰেইন প্ৰকল্পৰ ব্যয় মূল অনুমান ১.১ লাখ কোটি ₹ৰ পৰা ১.৯৮ লাখ কোটি টকালৈ বৃদ্ধি পাইছে, যদিও প্ৰকল্পটো মাত্ৰ আধা সম্পূৰ্ণ হৈছে, আৰু চূড়ান্ত খৰচ ২.৫ লাখ কোটি টকাৰো অধিক হ’ব পাৰে।

কংগ্ৰেছে এইয়াও অভিযোগ কৰিছিল যে খৰচ বৃদ্ধিৰ সৈতে জড়িত প্ৰায় ৯০ হাজাৰ কোটি টকাৰ অতিৰিক্ত ভাৰ এতিয়া ভাৰতীয় ৰে'লৱেকে বহন কৰিব লাগিব, যেতিয়া জাপান আন্তঃৰাষ্ট্ৰীয় সহযোগিতা সংস্থা (জাইকা) এই অতিরিক্ত খৰচৰ বাবে বিত্তায়ন নকৰে। পাৰ্টীয়ে কৈছিল যে যদিহে অতিৰিক্ত ধনৰাশি ভাৰত চৰকাৰক ৭–৮ শতাংশ সূদৰ হাৰত ধাৰ লৈ সংগ্ৰহ কৰিব লগা হয় তেন্তে পৰিয়োজনাৰ খৰচ উভতি পোৱাৰ বাবে এক শতিকাই অধিক সময় ল’ব পাৰে। কংগ্ৰেছেও টিকটৰ মূল্যসমূহ লৈ আশঙ্কা প্ৰকাশ কৰিছিল যে মুম্বাই আৰু আহমেদাবাদৰ মাজৰ অনুমানিত ৩০০০ টকাৰ ভাড়া ৬০০০ পৰা ৭০০০ টকালৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।

এই অভিযোগৰ উত্তৰত এন এইচ এছ আৰ চি এলে কয় যে নবীকৃত প্ৰকল্পৰ ব্যয় বিশ্ব মানদণ্ডৰ সৈতে মিল আছে আৰু প্ৰায় এদশক পূৰ্বে প্ৰকল্পটোৰ প্ৰাৰম্ভিক পৰ্যায়ত প্ৰাৰম্ভিক খৰচৰ অনুমান প্ৰস্তুত কৰা হৈছিল। সংস্থাটোৰ মতে, বিশদ ডিজাইন, অভিযান্ত্ৰিক, ভূমি অধিগ্ৰহণ, আৰু নিৰ্মাণ চুক্তি চূড়ান্ত হোৱাৰ পিছত বিশ্বজুৰি বৃহৎ আন্তঃগাঁথনি প্ৰকল্পৰ বাবে খৰচৰ অনুমান আপডেট কৰাটো এটা সাধাৰণ প্ৰথা।

এন এইচ এছ আৰ চি এলে কয় যে ভাৰতত ঘাইপথ, মেট্ৰ’ ৰে’ল, আৰু বিমানবন্দৰৰ দৰে প্ৰকল্পসমূহে প্ৰায়ে বিশদ প্ৰকল্প প্ৰতিবেদন (ডি পি আৰ) আৰু নিবিদা প্ৰক্ৰিয়াৰ পিছত খৰচৰ সংশোধনৰ সন্মুখীন হ’বলগীয়া হয়। সংস্থাটোৱে এইটোও স্পষ্ট কৰি দিয়ে যে এই প্ৰকল্পৰ বিত্তীয় সাহায্য সম্পৰ্কে ভাৰত আৰু জাপানৰ মাজত হোৱা চুক্তিখন ব্যাপক আৰু স্পষ্ট, আৰু ইয়াক কেন্দ্ৰ কৰি চলি থকা জল্পনা-কল্পনাৰ ভিত্তিহীন। অতি কম সুতৰ হাৰ আৰু দীঘলীয়া পৰিশোধৰ সময়সীমাৰে ৰেহাইমূলক ৰাষ্ট্ৰীয় ঋণৰ দ্বাৰা এই প্ৰকল্পটো সমৰ্থন কৰা হৈছে।

এন এইচ এছ আৰ চি এলৰ তথ্য অনুসৰি এই প্ৰকল্পৰ বোজা ভাৰতীয় ৰেলৱেৰ ওপৰত জাপি দিয়া হৈছে বুলি দাবী কৰাটোও ভুল। এই প্ৰকল্পটো ৰূপায়ণৰ বাবে এন এইচ এছ আৰ চি এল নামৰ এটা নিবেদিত সত্তা গঠন কৰা হৈছে, যাৰ নিজা আৰ্থিক গাঁথনি আছে আৰু য’ত ভাৰত চৰকাৰ আৰু সংশ্লিষ্ট ৰাজ্য চৰকাৰসমূহ অংশীদাৰ।

সংস্থাটোৱে কয় যে বিশ্বজুৰি ৰাষ্ট্ৰীয় পৰিবহণ আন্তঃগাঁথনি প্ৰকল্পসমূহৰ মূল্যায়ন কেৱল আৰ্থিক লাভৰ ভিত্তিতেই নহয়, ইয়াৰ বহল অৰ্থনৈতিক লাভৰ ভিত্তিতো কৰা হয়। দ্ৰুতবেগী ৰেল কৰিডৰে সময় ৰাহি, উৎপাদনশীলতা বৃদ্ধি, বিমান আৰু ঘাইপথৰ যাতায়ত হ্ৰাস, আঞ্চলিক অৰ্থনৈতিক উন্নয়ন, প্ৰযুক্তি হস্তান্তৰ, আৰু ঘৰুৱা উৎপাদন ক্ষমতা বৃদ্ধি আদি বহুতো সুবিধাৰ সৃষ্টি কৰে।

এন এইচ এছ আৰ চি এলে কয় যে টিকটৰ মূল্য সন্দৰ্ভত প্ৰচাৰিত অনুমান বিভ্ৰান্তিকৰ আৰু ইয়াৰ কোনো বাস্তৱিক ভিত্তি নাই।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande