পশ্চিম বংগৰ গৱৰ্ণৰ চি ভি আনন্দ বসুৰ পদত্যাগ, আৰ এন ৰবিৰ দায়িত্ব গ্ৰহণ
কলকাতা, ০৫ মাৰ্চ (হি.স.)। পশ্চিম বংগৰ গৱৰ্ণৰ চি ভি আনন্দ বসুৱে বৃহস্পতিবাৰে পদৰ পৰা পদত্যাগ কৰে। দিল্লীত তেওঁ পদত্যাগ পত্ৰ দাখিল কৰে। তেওঁৰ পদত্যাগৰ পিছতে কেন্দ্ৰীয় চৰকাৰে আৰ এন ৰবিক ৰাজ্যৰ অন্তৱৰ্তীকালীন ৰাজ্যপাল হিচাপে নিযুক্তি দিয়ে। বৰ্তমান ত
राज्यपाल बोस


কলকাতা, ০৫ মাৰ্চ (হি.স.)। পশ্চিম বংগৰ গৱৰ্ণৰ চি ভি আনন্দ বসুৱে বৃহস্পতিবাৰে পদৰ পৰা পদত্যাগ কৰে। দিল্লীত তেওঁ পদত্যাগ পত্ৰ দাখিল কৰে। তেওঁৰ পদত্যাগৰ পিছতে কেন্দ্ৰীয় চৰকাৰে আৰ এন ৰবিক ৰাজ্যৰ অন্তৱৰ্তীকালীন ৰাজ্যপাল হিচাপে নিযুক্তি দিয়ে। বৰ্তমান তামিলনাডুৰ ৰাজ্যপাল ৰবি এতিয়া পশ্চিম বংগৰ অন্তৱৰ্তীকালীন ৰাজ্যপাল হিচাপেও কাৰ্যনিৰ্বাহ কৰিব। বিধানসভা নিৰ্বাচনৰ পূৰ্বে কৰা এই নিযুক্তি ৰাজনৈতিকভাৱে তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে।

আৰ এন ৰবিয়ে কেন্দ্ৰীয় তদন্ত ব্যুৰো আৰু চোৰাংচোৱা ব্যুৰো (আই বি)ত কাৰ্যনিৰ্বাহ কৰি আহিছে। দীৰ্ঘদিন ধৰি তামিলনাডুৰ মুখ্যমন্ত্ৰী এম.কে. ষ্টেলিনৰ সৈতে তেওঁ দীঘলীয়া সময় ধৰি সম্পক্ত তিক্ততাপূৰ্ণ হৈ আহিছে। বিগত বছৰ স্বাধীনতা দিৱসত গৱৰ্ণৰ ৰবিৰ চাহ পাৰ্টিত উপস্থিত নহ’বলৈ ষ্টেলিন চৰকাৰে দিয়া নিৰ্দেশৰ পৰাই ইয়াৰ ইংগিত পোৱা গৈছিল। তদুপৰি তামিলনাডু চৰকাৰেও কেইবছৰমান পূৰ্বে উচ্চতম ন্যায়ালয়ত অভিযোগ উত্থাপন কৰিছিল যে ৰবিয়ে বিধানসভাই গৃহীত ১০খন বিধেয়কত স্বাক্ষৰ কৰাত পলম কৰিছিল। উচ্চতম ন্যায়ালয়ৰ অনুমোদনৰ পিছত ২০২৫ চনৰ আৰম্ভণিতে তেওঁ বিধেয়কসমূহত স্বাক্ষৰ কৰিছিল যদিও বিতৰ্কৰ সমাধান নোহোৱা হৈয়েই আছে।

নিৰ্বাচনৰ আগৰ ৰাজনৈতিক জলবায়ুৰ প্ৰতি লক্ষ্য ৰাখি এই নিযুক্তি তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে, কিয়নো তামিলনাডুৰ মুখ্যমন্ত্ৰী ষ্টেলিনৰ সৈতে ৰৱিৰ অচলাৱস্থাৰ বিষয়ে ইতিমধ্যে বহুলভাৱে চৰ্চিত হৈছে।

পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়েও বসুৰ পদত্যাগক লৈ প্ৰশ্ন উত্থাপন কৰিছে। ৰাজনৈতিক হেঁচা পূৰণ কৰিব নোৱাৰাৰ বাবেই পদত্যাগ কৰিবলৈ বাধ্য হোৱা বুলি তেওঁ অভিযোগ কৰিছে ।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande