
নতুন দিল্লী, ২৭ মাৰ্চ (হি.স.)। ফিফা বিশ্বকাপ ২০২৬ৰ পূৰ্বে স্পেনিছ ফুটবল দলটোৱে চূড়ান্ত ৱাৰ্ম আপ মেচত পেৰুৰ বিৰুদ্ধে খেলিব । বৃহস্পতিবাৰে ৰয়েল স্পেনিছ ফুটবল ফেডাৰেচনে এই কথা নিশ্চিত কৰিছে । অহা ৮ জুনত মেক্সিকোৰ পুয়েব্লাত অনুষ্ঠিত হ’ব এই খেলখন।
এই মেচখন হ’ব ইউৰোপীয় চেম্পিয়ন স্পেইনৰ বিশ্বকাপৰ অভিযান আৰম্ভ হোৱাৰ পূৰ্বে চূড়ান্ত প্ৰস্তুতিৰ সুযোগ। আটলান্টাত কেপ ভাৰ্ডেৰ বিৰুদ্ধে গ্ৰুপ এইচৰ খেলখন আৰম্ভ কৰিব স্পেইনে। স্পেইনে এই মাহত ছাৰ্বিয়া আৰু ইজিপ্তৰ বিৰুদ্ধে আৰু দুখন প্ৰীতি মেচও খেলিব। আৰ্জেণ্টিনাৰ বিৰুদ্ধে ফাইনেলিছিমা মেচখন প্ৰথমে কাটাৰত অনুষ্ঠিত হ'বলগীয়া আছিল যদিও ইৰাণ যুদ্ধৰ বাবে বাতিল কৰা হৈছিল ।
উল্লেখ্য যে মেক্সিকো, আমেৰিকা আৰু কানাডাই সহযোগীভাৱে আয়োজন কৰিছে ফিফা বিশ্বকাপ ২০২৬ । চলিত বছৰৰ ১১ জুনৰ পৰা আৰম্ভ হ’বলগা এই প্ৰতিযোগিতাত বিশ্বৰ শীৰ্ষ দলসমূহে বিশ্ববিজয়ী খিতাপৰ বাবে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া