
কাঠমাণ্ডু, ০৯ জানুৱাৰী (হি.স.)। প্ৰধানমন্ত্ৰী সুশিলা কাৰ্কী আৰু চিপিএনৰ অধ্যক্ষ তথা প্ৰাক্তন প্ৰধানমন্ত্ৰী কেপি শৰ্মা অলিয়ে বৃহস্পতিবাৰে তিনি ঘন্টাৰো অধিক সময় ধৰি মুখামুখি বৈঠকত মিলিত হয়। বৈঠকৰ মূল বিষয় আছিল অহা ৫ মাৰ্চত অনুষ্ঠিত হ’বলগীয়া আগন্তুক নিৰ্বাচন।
বৃহস্পতিবাৰে পুৱা প্ৰায় ১১ বজাত প্ৰধানমন্ত্ৰীৰ চৰকাৰী বাসগৃহ বালুৱাটাৰত উপস্থিত হয় অলি। প্ৰধানমন্ত্ৰী কাৰ্কীৰ প্ৰেছ উপদেষ্টা ৰাম ৰাৱালে উল্লেখ কৰে যে তেওঁ প্ৰথমে প্ৰধানমন্ত্ৰীৰ স্বামী দুৰ্গা চুবেদীৰ স্বাস্থ্যৰ বিষয়ে সোধা-পোছা কৰিবলৈ আহিছিল যদিও অতি সোনকালেই বৈঠকখন দুয়োজন নেতাৰ মাজত দীঘলীয়া ৰাজনৈতিক আলোচনালৈ পৰিণত হয়।
ৰাৱালৰ মতে, এই কথা-বতৰা প্ৰায় ১১:৩০ বজাৰ পৰা আৰম্ভ হৈছিল আৰু প্ৰায় ২:৩০ বজালৈকে চলিছিল। ৰাৱালে উল্লেখ কৰে যে আলোচনাৰ মূল কেন্দ্ৰবিন্দু আছিল ৫ মাৰ্চত অনুষ্ঠিত হ’বলগীয়া আগন্তুক নিৰ্বাচন। ৰাৱালে কয়, তিনি ঘণ্টাৰো অধিক সময় দুয়োগৰাকী নেতাই ব্যক্তিগত কথা-বতৰা পাতিছিল। এই কথা-বতৰাৰ ফলত দুয়োপক্ষৰ মাজত বিশ্বাসৰ পৰিৱেশৰ সৃষ্টি হৈছিল।
আলোচনাৰ সময়ত অলিয়ে প্ৰধানমন্ত্ৰীক আশ্বাস দিয়ে যে তেওঁৰ দল চিপিএন-ইউএমএলে নিৰ্বাচনত কোনো ধৰণৰ বাধাৰ সৃষ্টি নকৰে। ৰাৱালৰ মতে, নিৰ্বাচনৰ সময়ত চিপিএন-ইউএমএলৰ পৰা কোনো ধৰণৰ বাধা বা হিংসা নহ'ব বুলি অলিয়ে চৰকাৰক আশ্বাস দিছিল। তেওঁ লগতে কয় যে অলিয়ে নিৰ্বাচনত অংশগ্ৰহণ কৰি সুস্থ প্ৰতিযোগিতাত লিপ্ত হোৱাৰ বাবে নিজৰ দলৰ দায়বদ্ধতা প্ৰকাশ কৰে।
ৰাৱালে কয় যে বৈঠকৰ সময়ত অলিয়ে প্ৰধানমন্ত্ৰী কাৰ্কীৰ স্বামীৰ স্বাস্থ্যৰ বিষয়ে সোধা-পোছা কৰে। তদুপৰি তেওঁ নিৰ্বাচনী প্ৰস্তুতি আৰু নিৰাপত্তা ব্যৱস্থাক লৈ উদ্বেগ প্ৰকাশ কৰে, যাৰ প্ৰতি প্ৰধানমন্ত্ৰীয়ে তেওঁক চৰকাৰে প্ৰয়োজনীয় সকলো ব্যৱস্থা কৰা বুলি আশ্বাস দিয়ে আৰু চিপিএন-ইউএমএলক আত্মবিশ্বাসেৰে নিৰ্বাচনী প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়।
উল্লেখযোগ্য যে ৮ আৰু ৯ ছেপ্টেম্বৰত ‘জেন-জী’ আন্দোলনৰ পিছত অলিক ক্ষমতাৰ পৰা উৎখাত কৰা হৈছিল, আৰু ১২ ছেপ্টেম্বৰত সুশিলা কাৰ্কি প্ৰধানমন্ত্ৰী হৈছিল। ইয়াৰ পিছত দীৰ্ঘদিন ধৰি দুয়োগৰাকী নেতাৰ মাজত প্ৰত্যক্ষ যোগাযোগ নাছিল। যদিও প্ৰধানমন্ত্ৰী কাৰ্কীয়ে কাৰ্যভাৰ গ্ৰহণ কৰাৰ দুমাহৰ পাছত বিভিন্ন ৰাজনৈতিক দলৰ সৈতে আলোচনা আৰম্ভ কৰিছিল, অলিৰ সৈতে এয়া আছিল তেওঁৰ প্ৰথম ব্যক্তিগত বৈঠক।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া