
ভাৰতীয় সংগীতৰ ইতিহাসৰ অন্যতম শ্ৰেষ্ঠ গায়ক হিচাপে গণ্য কৰা কাটাচেৰী জোচেফ য়েছুদাছৰ জন্ম হৈছিল ১৯৪০ চনৰ ১০ জানুৱাৰীত কেৰালাৰ কোচিত অগাস্টিন জোচেফ আৰু এলিজাবেথ জোচেফৰ ঘৰত। তেওঁৰ পিতৃ আছিল এজন প্ৰখ্যাত মালয়ালম শাস্ত্ৰীয় সংগীতজ্ঞ আৰু মঞ্চ অভিনেতা।
ভাৰতীয় শাস্ত্ৰীয়, ভক্তিমূলক আৰু চলচ্চিত্ৰ গায়কীৰ ক্ষেত্ৰত বিশিষ্ট স্থান দখল কৰা য়েছুদাছে ছটা দশকজুৰি চলি থকা কেৰিয়াৰত মালয়ালম, তামিল, কানাড়া, তেলেগু, তুলু, হিন্দী, ওডিয়া, বাংলা, মাৰাঠী, লগতে আৰবী, ইংৰাজী, লেটিন, আৰু ৰাছিয়ান আদি বিভিন্ন ভাষাত ৫০ হাজাৰৰো অধিক গীত ৰেকৰ্ডিং কৰিছে। য়েছুদাছে একেদিনাই বিভিন্ন ভাষাত ১৬টা নতুন গীত ৰেকৰ্ডিং কৰি বিশ্ব অভিলেখ গঢ়িছিল।
তেওঁ আঠবাৰ অভিলেখ সৃষ্টি কৰি শ্ৰেষ্ঠ পুৰুষ প্লেবেক গায়কৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰে। কেৰেলা, তামিলনাডু, অন্ধ্ৰপ্ৰদেশ, কৰ্ণাটক, আৰু পশ্চিম বংগৰ ৰাজ্য চৰকাৰে দিয়া বঁটাকে ধৰি তেওঁ পাঁচবাৰ ফিল্মফেয়াৰ এৱাৰ্ডছ চাউথ আৰু ৩৬ বাৰ শ্ৰেষ্ঠ পুৰুষ প্লেবেক গায়কৰ ৰাজ্যিক বঁটা লাভ কৰে। কলাক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে ভাৰত চৰকাৰে ১৯৭৫ চনত পদ্মশ্ৰী, ২০০২ চনত পদ্মভূষণ, ২০১৭ চনত পদ্মবিভূষণ আদিৰে সন্মানিত কৰে।
অন্যান্য উল্লেখযোগ্য পৰিঘটনা:
২০২০ - উচ্চতম ন্যায়ালয়ে জম্মু-কাশ্মীৰ প্ৰশাসনক সংবিধানৰ ৩৭০ নং অনুচ্ছেদৰ অধিকাংশ বিধান বাতিলৰ পিছত আৰোপ কৰা বাধাসমূহ এসপ্তাহৰ ভিতৰত পুনৰীক্ষণ কৰিবলৈ কয়।
-কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব সংশোধনী আইনৰ বাবে এক অধিসূচনা জাৰি কৰিলে। এই আইনৰ অধীনত ২০১৪ চনৰ ৩১ ডিচেম্বৰৰ পূৰ্বে ভাৰতত উপস্থিত হোৱা হিন্দু, জৈন, জৰদস্তি, শিখ, খ্ৰীষ্টান, বৌদ্ধ ধৰ্মৰ সংখ্যালঘুসকলে ভাৰতীয় নাগৰিকত্ব লাভ কৰিবলৈ সক্ষম হ’ব।
-ইৰানে ঘোষণা কৰে যে ভুলবশতঃ আৰু অজানিতে ইউক্ৰেইনৰ বয়িং ৭৩৭-৮০০ বিমানক লক্ষ্য কৰি লৈছে। ইৰাণে এক বিবৃতিত কয় যে বিমানখনে স্পৰ্শকাতৰ অঞ্চল আৰু সামৰিক ঘাটিৰ ফালে তীব্ৰভাৱে ঘূৰি যোৱাৰ ফলত মানৱ ভুলৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হৈছে।
২০১৩ - পাকিস্তানত একাধিক বোমা বিস্ফোৰণত ১০০ জন লোকৰ মৃত্যু, ২৭০ জন আহত।
২০১০ - ভাৰতীয়-আমেৰিকান খাদ্য সুৰক্ষা বিশেষজ্ঞ ৰাজীৱ শ্বাহে আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ৰ অধীনস্থ সংস্থা আমেৰিকাৰ আন্তঃৰাষ্ট্ৰীয় উন্নয়ন সংস্থা (USAID)ৰ মুৰব্বী হিচাপে দায়িত্ব গ্ৰহণ কৰে। ইয়াৰ লগে লগে তেওঁ বাৰাক ওবামা প্ৰশাসনৰ সৰ্বোচ্চ পদবীৰ ভাৰতীয় হিচাপে পৰিগণিত হয়।
২০০৮ - আগশাৰীৰ অটোমোবাইল কোম্পানী টাটা মটৰ্ছে ₹১ লাখ মূল্যৰ গাড়ী নেনো প্ৰৱৰ্তন কৰে।
- ইকুৱেডৰৰ টুগ্ৰাহো আগ্নেয়গিৰি বিস্ফোৰণৰ সীমাত উপনীত হৈছে।
২০০৬ - প্ৰধানমন্ত্ৰী মনমোহন সিঙে ঘোষণা কৰে যে প্ৰতি বছৰে ১০ জানুৱাৰীক বিশ্ব হিন্দী দিৱস হিচাপে পালন কৰা হ'ব।
২০০৩ - উত্তৰ কোৰিয়াই পাৰমাণৱিক অস্ত্ৰ প্ৰসাৰণ চুক্তিৰ পৰা আঁতৰি যায়।
২০০২ চনত ব্ৰিটিছ প্ৰধানমন্ত্ৰী টনি ব্লেয়াৰ পাকিস্তানত উপস্থিত হয়।
- ইজৰাইলৰ বৈদেশিক মন্ত্ৰী শ্বিমন পেৰেছ তিনিদিনীয়া ভ্ৰমণসূচীৰে ভাৰতত উপস্থিত।
- পেৰেছে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদ আৰু নাটোত ভাৰতৰ সদস্যপদৰ সমৰ্থন কৰিছিল।
- লোহিত সাগৰত জব্দ কৰা অবৈধ অস্ত্ৰ সন্দৰ্ভত পেলেষ্টাইন নেতা ইয়াছিৰ আৰাফাতৰ পৰা উত্তৰ দাবী জনাইছে আমেৰিকাই।
২০০১ - প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী ইণ্ডোনেছিয়াত উপস্থিত হয়।
- ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ছোভিয়েট ইউনিয়ন ভংগ হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে আজাৰবাইজান ভ্ৰমণ কৰে।
১৯৯১ - উপসাগৰীয় যুদ্ধ ৰোধৰ শেষ প্ৰচেষ্টাত ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান জেভিয়াৰ পেৰেজ ডি কুৱেলাৰ ইৰাকৰ ৰাজধানী বাগদাদত উপস্থিত হয়।
১৯৭২ - আজিৰ দিনটোতে ৯ মাহতকৈ অধিক সময় পাকিস্তানৰ কাৰাগাৰত বন্দী হৈ থকা শ্বেখ মুজিবুৰ ৰহমান বাংলাদেশত উপস্থিত হয়।
১৯৬৩ - ভাৰত চৰকাৰে সোণ নিয়ন্ত্ৰণ আঁচনি আৰম্ভ কৰে।
১৯৫৪ - ব্ৰিটিছ কমেট জেট বিমান ভূমধ্য সাগৰত দুৰ্ঘটনাগ্ৰস্ত হয় আৰু বিমানখনত থকা ৩৫ জন লোকৰ আটাইকেইজন লোকৰ মৃত্যু হয়। ব্ৰিটেইনৰ দ্বাৰা নিৰ্মিত বিশ্বৰ প্ৰথম জেট বিমান আছিল ধুমকেতু।
১৯৪৬ - লণ্ডনত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ প্ৰথমখন বৈঠকত ৫১খন ৰাষ্ট্ৰৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে।
১৯২০ - লীগ অৱ নেচনছ প্ৰতিষ্ঠা হয়।
- ভাৰ্চাইল সন্ধি আনুষ্ঠানিকভাৱে কাৰ্যকৰী হয়, যাৰ ফলত প্ৰথম বিশ্বযুদ্ধৰ অন্ত পৰে।
১৯১৬ - ৰাছিয়াই প্ৰথম বিশ্বযুদ্ধৰ সময়ত অট্টোমান সাম্ৰাজ্যক পৰাস্ত কৰে।
১৯১২ - ব্ৰিটিছ ৰজা পঞ্চম জৰ্জ আৰু ৰাণী মেৰীয়ে ভাৰত এৰি যায়।
১৯১০ - প্ৰথম এয়াৰ মিট অনুষ্ঠিত হয়।
১৮৬৩ - আজিৰ দিনটোতে লণ্ডনত বিশ্বৰ প্ৰথমটো ভূগৰ্ভস্থ ৰেল সেৱা আৰম্ভ হয়।
১৮৩৯ - ইংলেণ্ডত ভাৰতীয় চাহ উপস্থিত হয়।
১৮৩৬ - অধ্যাপক মধুসুদন গুপ্তাই তেওঁৰ চাৰিজন ছাত্ৰৰ সৈতে প্ৰথম মানৱ বিভাজন কৰি ইয়াৰ আভ্যন্তৰীণ গঠন অধ্যয়ন কৰে ।
১৬১৬ - ব্ৰিটিছ ৰাষ্ট্ৰদূত ছাৰ থমাছ ৰ’ৱে আজমেৰত জাহাংগীৰক সাক্ষাত কৰে।
জন্ম
১৯৭৪ - হৃতিক ৰোশন - চলচ্চিত্ৰ অভিনেতা।
১৯৫২ - চেলিম ঘাউছ - টেলিভিছন আৰু চলচ্চিত্ৰ অভিনেতা যিয়ে বলীউড, দক্ষিণ ভাৰতীয়, আৰু ইংৰাজী চলচ্চিত্ৰত অভিনয় কৰিছিল।
১৯৫০ - আজিৰ দিনটোতে সুচিত্ৰ ভট্টাচাৰ্য - এগৰাকী বিখ্যাত মহিলা বাংলা ঔপন্যাসিক।
১৯৪৯ - আল্লু অৰবিন্দ - চলচ্চিত্ৰ প্ৰযোজক।
১৯৪০ - কে জে য়েছুদাছ - ভাৰতীয় প্লেবেক গায়ক আৰু শাস্ত্ৰীয় সংগীতজ্ঞ।
১৯৩৩ - গুৰদিয়াল সিং - পাঞ্জাবী সাহিত্যিকক জ্ঞানপীঠ বঁটাৰে সন্মানিত কৰা হয়।
১৯২৯ - ফালি এছ নৰিমান - ভাৰতৰ এগৰাকী সুপৰিচিত আইনী পণ্ডিত আৰু উচ্চতম ন্যায়ালয়ৰ অভিজ্ঞ জ্যেষ্ঠ অধিবক্তা আছিল।
১৯২৭ - বাসু চেটাৰ্জী - হিন্দী আৰু বাংলা চিনেমাৰ এজন সুপৰিচিত চিত্ৰনাট্যকাৰ আৰু পৰিচালক।
১৯০৮ - পদ্মনাৰায়ণ ৰায় - হিন্দী ৰচনাকাৰ আৰু সাহিত্যিক।
১৮৯৬ - আজিৰ দিনটোতে নৰহৰ বিষ্ণু গাডগিল - ৰাজনীতিবিদ, অৰ্থনীতিবিদ, সাহিত্যিক, ভাৰতীয় স্বাধীনতা কৰ্মী আৰু সংবিধান সভাৰ সদস্য।
১৮৯৪ - পি লক্ষ্মীকান্তম - কবি আৰু সাহিত্যিক।
১৮৮৬ - জন মাথাই - ভাৰতীয় শিক্ষাবিদ, অৰ্থনীতিবিদ, আৰু আইনবিদ।
মৃত্যু
২০০১ - জি লক্ষ্মণন - দ্ৰাবিড় মুনেত্ৰ কাঝাগমৰ ৰাজনীতিবিদ।
১৯৯৬ - নাদিয়া - বিখ্যাত ভাৰতীয় অভিনেত্ৰী।
১৯৯৪ - গিৰিজা কুমাৰ মাথুৰ - বিখ্যাত কবি আৰু নাট্যকাৰ।
১৯৬৯ - সম্পূৰ্ণানন্দ - বিখ্যাত ৰাজনীতিবিদ আৰু সাহিত্যিক।
১৯৬৭ - ৰাধাবিনোদ পাল - টকিঅ', জাপান যুদ্ধ অপৰাধ ন্যায়াধিকৰণৰ ভাৰতীয় ন্যায়াধীশ।
১৬৯২ - জব চাৰ্নক - কলিকতাৰ প্ৰতিষ্ঠাপক।
গুৰুত্বপূৰ্ণ অনুষ্ঠান আৰু উতসৱ
বিশ্ব হিন্দী দিৱস
বায়ু প্ৰতিৰক্ষা আৰ্টিলাৰী দিৱস
আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ দিৱস (১০ দিন)।
हिन्दुस्थान समाचार / অৰৱিন্দ