
দক্ষিণ শালমাৰা মানকাচৰ, ০৮ জানুৱাৰী (হি.স.): দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ মানকাচৰ থানা এলেকাৰ ঠাকুৰানবাড়ী টিলাৰ গাঁৱত যোৱা কালি বুধবাৰে নিশা আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলায় ৷ এক গোপন খবৰৰ ভিত্তিত মানকাচৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জে এচ খুবুঙৰ নেতৃত্বত এই অভিযান চলোৱা হৈছিল।
আৰক্ষীৰ অভিযানত কাকৰিপাৰা গাওঁ খনৰ মফিদুল ইছলাম নামৰ এটা ড্ৰাগছ সৰবৰাহকাৰী সহ ২০০০ টা মাৰাত্মক নিচাজাতীয় য়াবা টেবলেট জব্দ কৰিবলৈ সক্ষম হয় । সম্প্ৰতি আৰক্ষীয়ে আটকাধীন ড্ৰাগছ সৰবৰাহকাৰীটোক অধিক তথ্যৰ বাবে মানকাচৰ থানা লৈ নি সোধ পোছ অব্যাহত ৰাখিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ