মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী ডঃ মোহন যাদৱৰ বস্ত্ৰ নগৰী শুৱালকুছিৰ বস্ত্ৰ শিল্প পৰিদৰ্শন
কামৰূপ, ০৮ জানুৱাৰী (হি.স.)। বস্ত্ৰ নগৰী শুৱালকুছিৰ বস্ত্ৰ শিল্প পৰিদৰ্শন কৰি অভিভূত হৈ পৰে মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী ডঃ মোহন যাদৱ।‌ আজি মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীগৰাকী প্ৰাচ্যৰ মাঞ্চেচেষ্টাৰ খ্যাত শুৱালকুছিত উপস্থিত হৈ পৰিদৰ্শন কৰে তাঁত শিল্প।
মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী ডঃ মোহন যাদৱৰ বস্ত্ৰ নগৰী শুৱালকুছিৰ বস্ত্ৰ শিল্প পৰিদৰ্শন


কামৰূপ, ০৮ জানুৱাৰী (হি.স.)।

বস্ত্ৰ নগৰী শুৱালকুছিৰ বস্ত্ৰ শিল্প পৰিদৰ্শন কৰি অভিভূত হৈ পৰে মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী ডঃ মোহন যাদৱ।‌ আজি মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীগৰাকী প্ৰাচ্যৰ মাঞ্চেচেষ্টাৰ খ্যাত শুৱালকুছিত উপস্থিত হৈ পৰিদৰ্শন কৰে তাঁত শিল্প।

হস্তাতত বস্ত্ৰ শিল্পক দেখি অভিভূত হৈ পৰে মধ্যপ্ৰদেশৰ মূখ্যমন্ত্ৰী ড° মোহন যাদৱ। শুৱালকুছিত উপস্থিত হৈয়ে প্ৰথমে তেওঁ পৰিদৰ্শন কৰে শুৱালকুছি প্ৰৱেশ দ্বাৰৰ সন্মুখত থকা শুৱালকুছি বস্ত্ৰ উদ্যান। বস্ত্ৰ উদ্যানত উপস্থিত হোৱাৰ পিছতে কামৰূপ জিলা প্ৰশাসনৰ পৰা ফুলাম গামোচাৰে আদৰণি জনায় মুখ্যমন্ত্ৰী গৰাকীক।

ইয়াৰ পিছতে শুৱালকুছি নাক্তাদলত থকা অলকেশ বৈশ্য, ৰিংকী চিল্ক উইভিনিং ফেক্টৰী তথা শুৱালকুছি বিশ্ব বন্দিত কুটিৰ শিল্প তাতঁশাল পৰিদৰ্শন কৰে। ইয়াৰ পিছতে হীৰালাল কলিতাৰ বস্ত্ৰ বিপণীত উপস্থিত হৈ ক্ৰয় কৰে শুৱালকুছিৰ তাতঁশাল উৎপাদিত মুগা পাট আৰু এড়িৰ বস্ত্ৰ।

আনহাতে, শুৱালকুছি ইনষ্টিটিউটত অফ টেকন’লজিত উপস্থিত হৈ প্ৰতিষ্ঠানটো পৰিদৰ্শন কৰে। শুৱালকুছি বস্ত্ৰ শিল্প কেনেদৰে তাতঁশালত উৎপাদন কৰে তাৰ কাৰিকৰী দিশো সমূহৰো বুজ লয়। এইক্ষেত্ৰত মধ্যপ্ৰদেশতো শুৱালকুছিৰ আৰ্হিত থলুৱা বস্ত্ৰ উৎপাদনৰ ব্যৱস্থা গ্ৰহণৰ চিন্তা চৰ্চা কৰা বুলি মন্তব্য কৰে মূখ্যমন্ত্ৰী গৰাকীয়ে।

কামৰূপ জিলা প্ৰশাসনৰ তৰফৰ পৰা শুৱালকুছিত উৎপাদিত বস্ত্ৰ উপহাৰ হিচাপে প্ৰদান কৰে বুলি জিলা আযুক্ত দেৱ কুমাৰ মিশ্ৰই জানিবলৈ দিয়ে।

শেষত , অসমীয়া পৰম্পৰাগত তিল পিঠা নাৰিকলৰ লাৰুৰ জুতি লয় মধ্য প্ৰদেশৰ মূখ্যমন্ত্ৰী গৰাকীয়ে।

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande