
কলকাতা, ০৮ জানুৱাৰী (হি.স.)। পশ্চিম বংগ চৰকাৰক পৰামৰ্শ দিয়া ৰাজনৈতিক পৰামৰ্শদাতা সংস্থা ইণ্ডিয়ান পলিটিকেল একচন কমিটী (আই–পেক )ৰ ছল্ট লেক ছেক্টৰ-ভি কাৰ্যালয় আৰু ইয়াৰ প্ৰতিষ্ঠাপক প্ৰতীক জৈনৰ লৌডন ষ্ট্ৰীটৰ বাসগৃহত বৃহস্পতিবাৰে পুৱা প্ৰৱৰ্তন সঞ্চালকালয়ে অভিযান চলায়। এজেন্সীৰ সূত্ৰৰ পৰা জানিব পৰা মতে, দিল্লীৰ পৰা অহা এটা বিশেষ ইডি দলে এই অভিযান চলাইছিল। দিল্লীত পঞ্জীয়ন হোৱা এটা পুৰণি কয়লা সৰবৰাহৰ গোচৰৰ সৈতে জড়িত বুলি জানিব পৰা গৈছে এই অভিযান।
অভিযানৰ খবৰ পোৱাৰ লগে লগে মুখ্যমন্ত্রী মমতা বেনাৰ্জী হঠাৎ দুপৰীয়াৰ ভাগত প্ৰতীক জৈনৰ বাসগৃহত উপস্থিত হয়। কলকাতা আৰক্ষী আয়ুক্ত মনোজ ভাৰ্মাও মুখ্যমন্ত্ৰী অহাৰ প্ৰায় পাঁচ মিনিট পূৰ্বে ঘটনাস্থলীত উপস্থিত আছিল।
এই অভিযানক ৰাজনৈতিক ষড়যন্ত্ৰ আখ্যা দি মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ ওপৰত তীব্ৰ আক্ৰমণ চলায়। তেখেতে কয়, দুৰ্ভাগ্যজনকভাৱে আমাৰ আই টি চেল কাৰ্যালয়টোক লক্ষ্য কৰি লোৱা হৈছিল আৰু সকলো হাৰ্ড ডিস্ক জব্দ কৰাৰ চেষ্টা কৰা হৈছিল। এইটো এটা ইচ্ছাকৃত ৰাজনৈতিক কৌশলৰ অংশ যেন লাগে।
তেওঁ কয় যে অমিত শ্বাহ এজন গৃহমন্ত্ৰী যিয়ে দেশক ৰক্ষা কৰিবলৈও অক্ষম। গণতান্ত্ৰিক প্ৰতিষ্ঠানসমূহক সুৰক্ষা প্ৰদান কৰাত ব্যৰ্থ হৈছে প্ৰৱৰ্তন সংস্থা আৰু গৃহ মন্ত্ৰালয়। এফালে ভোটাৰৰ নাম বাদ পৰাৰ বিপৰীতে আনফালে অবৈধভাৱে স্পৰ্শকাতৰ তথ্য সংগ্ৰহৰ চেষ্টা চলোৱা হৈছে। ইডিৰ এই কাৰ্যৰ খবৰ বিয়পি পৰাৰ লগে লগে ৰাজ্যৰ ৰাজনীতি অশান্ত হৈ পৰিল। ইফালে বৃহস্পতিবাৰে বিয়লি চিপিআই(এম)ৰ ৰাজ্যিক সম্পাদক মহম্মদ চেলিমে জৰুৰী সংবাদমেল আহ্বান কৰে, যিটো আই-পিএচিৰ অভিযানৰ সৈতে জড়িত হৈ আছে।
শাসকীয় তৃণমূল কংগ্ৰেছ আৰু ৰাজ্য প্ৰশাসনৰ ভিতৰতো আলোচনা তীব্ৰতৰ হৈ পৰিছে। প্ৰতীক জৈনক ৰাজ্যৰ ৰাজনৈতিক আৰু প্ৰশাসনিক মহলত প্ৰভাৱশালী ব্যক্তি হিচাপে গণ্য কৰা হয়। নৱনাত কেইবাবাৰো মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক সাক্ষাৎ কৰিছে। বিধানসভা নিৰ্বাচনৰ পূৰ্বে আই-পিএচিয়ে চৰকাৰ আৰু শাসকীয় দলৰ মাজত বিশেষকৈ কল্যাণমূলক আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ যোগসূত্ৰ হিচাপে কাম কৰে।
আই-পিএচিয়ে জ্যেষ্ঠ আমোলাসকলৰ সৈতেও নিয়মীয়াকৈ যোগাযোগ ৰক্ষা কৰি তৃণমূল কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জী আৰু তেওঁৰ কাৰ্যালয়ৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰে। প্ৰাৰ্থী নিৰ্বাচনৰ পৰা আৰম্ভ কৰি বিধানসভা নিৰ্বাচনলৈকে সমগ্ৰ নিৰ্বাচনী কৌশলত আই-পিএচিয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে বুলি ধাৰণা কৰা হৈছে।
মন কৰিবলগীয়া যে ২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে স্থাপিত কোম্পানী আই–পেক (আই-পিএচি)ৰ প্ৰতিষ্ঠাপক প্ৰশান্ত কিশোৰে ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ পিছৰে পৰা তৃণমূল কংগ্ৰেছ আৰু বংগ চৰকাৰৰ সৈতে কাম কৰি আহিছে। ২০২১ চনৰ বিধানসভা নিৰ্বাচনত আৰু ২০২৪ চনৰ লোকসভা নিৰ্বাচনতো দলটোক ব্য়াপক সংখ্যাগৰিষ্ঠতাৰে পুনৰ ক্ষমতালৈ অনাত আই-পেকে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া