টিহুত ভোগালিক আদৰাৰ পূৰ্ণ প্ৰস্তুতি
টিহুত ভোগালিক আদৰাৰ পূৰ্ণ প্ৰস্তুতি ।
টিহুত ভোগালিক আদৰাৰ পূৰ্ণ প্ৰস্তুতি


নলবাৰী, ০৮ জানুৱাৰী (হি.স.): হেপাহৰ ভোগালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী । ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া ভোগালিক আদৰাৰ পূৰ্ণ প্ৰস্তুতি চলিব ধৰিছে। ভোগালী বিহুৰ বতৰত ঘৰৰ জীয়ৰী বোৱাৰী সকল বিহুৰ পিঠা-পনা প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰিছে। সমান্তৰালকৈ সকলোৱে মিলি পথাৰত ভেলাঘৰ বা মেজি সজা কামত নিয়োজিত হৈ পৰিছে। নলবাৰী জিলাৰ টিহুৰ সন্ধেলিত ভোগালী বিহুৰ ব্যাপক আয়োজন কৰা হৈছে।

টিহুৰ হাৰিভাংগাৰ সন্ধেলিত নৱ প্ৰজন্মৰ যুৱক সকলৰ উদ্যোগত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ গীটাৰৰ লগতে কাৰেং ঘৰৰ আৰ্হিত সাজি উলিয়াইছে মেজি । এই উপলক্ষে গাঁওখনৰ ডেকা বুঢ়া, জীয়ৰী বোৱাৰী সকলে হাতে কামে লাগি নিৰ্মান কৰিছে ভেলাঘৰ । সকলোৱে মিলি একেলগে এইদৰে ভোগালী বিহুৰ সময়তো প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ কথা সোঁৱৰণ কৰিছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande