গোৱালপাৰাৰ কৃষ্ণাইত নিষিদ্ধ ড্ৰাগছ সহ এটা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ
গোৱালপাৰা, ০৮ জানুৱাৰী (হি.স.)। গোৱালপাৰা জিলাৰ কৃষ্ণাইত নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান চলে ৷ এই অভিযানত নিষিদ্ধ ড্ৰাগছ সহ এটা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷ পশ্চিম গোৱালপাৰা আৰক্ষী অধীক্ষক অভিলাষ বৰুৱা আৰু কৃষ্ণাই আৰক্ষীয়ে যৌথ
গোৱালপাৰাৰ কৃষ্ণাইত নিষিদ্ধ ড্ৰাগছ সহ এটা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ


গোৱালপাৰা, ০৮ জানুৱাৰী (হি.স.)। গোৱালপাৰা জিলাৰ কৃষ্ণাইত নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান চলে ৷ এই অভিযানত নিষিদ্ধ ড্ৰাগছ সহ এটা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷

পশ্চিম গোৱালপাৰা আৰক্ষী অধীক্ষক অভিলাষ বৰুৱা আৰু কৃষ্ণাই আৰক্ষীয়ে যৌথ ভাবে এক গোপন সূত্ৰৰ পম খেদি কৃষ্ণাই অঞ্চলত অভিযান চলায়৷ অভিযানত কৃষ্ণাই- মেন্দিপথাৰ সংযোগী পথৰ মাজত ১৩টা কন্টেইনাৰ ভৰ্তি হে'ৰইন জব্দ কৰাৰ লগতে এটা সৰবৰাহকাৰী আটক কৰে ৷

ড্ৰাগছ সৰবৰাহকাৰীটো গুৰিয়া প্ৰথম খণ্ডৰ ভেল্টাৰঘাটৰ জমেৰ আলী (২৯) বুলি পৰিচয় পোৱা গৈছে ৷ জমেৰ আলীৰ জিম্মাৰ পৰা আৰক্ষীয়ে ১৩টা কন্টেইনাৰ ভৰ্তি হেৰ’ইন (ড্ৰাগছ) আৰু এটা পালচাৰ বাইক উদ্ধাৰ কৰে ৷ ইতিমধ্যে আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহৰ অপৰাধত গোচৰ ৰুজু কৰি জমেৰ আলীক গ্ৰেপ্তাৰ কৰিছে ৷

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande