ইতিহাসৰ পৃষ্ঠাত ৯ জানুৱাৰীঃ যেতিয়া গান্ধীয়ে ২২ বছৰৰ পিছত মহাত্মা হিচাপে দক্ষিণ আফ্ৰিকাৰ পৰা উভতি আহিছিল
১৯১৫ চনৰ ৯ জানুৱাৰীত মহাত্মা গান্ধীয়ে ২১ বছৰ এছ এছ আৰবিয়া জাহাজত উঠি দক্ষিণ আফ্ৰিকাৰ পৰা ভাৰতলৈ উভতি আহে। তেওঁ ১৮৯৩ চনত ২৪ বছৰ বয়সত দক্ষিণ আফ্ৰিকালৈ গৈছিল আৰু ২২ বছৰৰ পিছত উভতি অহাৰ সময়লৈকে তেওঁ প্ৰায় ৪৫ বছৰীয়া এজন অভিজ্ঞ উকীল হৈ পৰিছিল। মহাত
महात्मा गांधी (फाइल फोटो)


১৯১৫ চনৰ ৯ জানুৱাৰীত মহাত্মা গান্ধীয়ে ২১ বছৰ এছ এছ আৰবিয়া জাহাজত উঠি দক্ষিণ আফ্ৰিকাৰ পৰা ভাৰতলৈ উভতি আহে। তেওঁ ১৮৯৩ চনত ২৪ বছৰ বয়সত দক্ষিণ আফ্ৰিকালৈ গৈছিল আৰু ২২ বছৰৰ পিছত উভতি অহাৰ সময়লৈকে তেওঁ প্ৰায় ৪৫ বছৰীয়া এজন অভিজ্ঞ উকীল হৈ পৰিছিল।

মহাত্মা গান্ধীৰ ভাৰতলৈ উভতি অহাটো ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ এক টাৰ্নিং পইণ্ট হিচাপে প্ৰমাণিত হ’ল, কিয়নো ই দেশৰ দুটা ৰাজনৈতিকভাৱে উল্লেখযোগ্য পৰিঘটনাৰ লগত সংগতি ৰাখিছিল: ১৯০৫ চনত বংগ বিভাজন আৰু ১৯১১ চনত ভাৰতৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ স্থানান্তৰ।

৯ জানুৱাৰীৰ পুৱা মহাত্মা গান্ধীৰ জাহাজখন যেতিয়া মুম্বাই (তেতিয়াৰ বম্বে)ৰ এপ’ল’ বন্দৰত উপস্থিত হয়, তেতিয়া তেওঁক হাজাৰ হাজাৰ লোকে উষ্ম আদৰণি জনায়। ইয়াৰ ভিতৰত আছিল ছাৰ ফিৰোজেশ্বাহ মেহতাৰ দৰে বিশিষ্ট নেতা। তেওঁৰ প্ৰত্যাৱৰ্তনে ভাৰতীয় স্বাধীনতা সংগ্ৰামক এক নতুন দিশ দিলে। পিছলৈ তেওঁৰ নেতৃত্বত চম্পাৰণ (১৯১৭), খেদা (১৯১৮), খিলাফত আন্দোলন (১৯১৯), অসহযোগ আন্দোলন (১৯২০), আইন অমান্য় আন্দোলন (১৯৩০), ভাৰত ত্যাগ আন্দোলন (১৯৪২) আদি সফল সত্যগ্ৰহ আন্দোলন আৰম্ভ হয়।

দক্ষিণ আফ্ৰিকাৰ পৰা মহাত্মা গান্ধীৰ উভতি অহাৰ দিনটো ২০০৩ চনৰ পৰা প্ৰৱাসী ভাৰতীয় দিৱস হিচাপে পালন কৰি অহা হৈছে। এই দিৱসত ভাৰতৰ উন্নয়নত ভাৰতীয় প্ৰৱাসীসকলৰ অৱদানৰ ওপৰত আলোকপাত আৰু সন্মান জনোৱা হয়।

অন্যান্য গুৰুত্বপূৰ্ণ পৰিঘটনা:

২০২০ - ভাৰতীয় ৰিজাৰ্ভ বেংকে কেৱাইচি নিয়মাৱলী সংশোধন কৰে। নতুন নিয়মৰ জৰিয়তে বিত্তীয় প্ৰতিষ্ঠানসমূহে ভিডিঅ’ ভিত্তিক গ্ৰাহক চিনাক্তকৰণ ব্যৱহাৰ কৰিব পাৰিব। এই পদক্ষেপে বেংক আৰু ঋণ প্ৰদানকাৰী প্ৰতিষ্ঠানসমূহক দূৰৈৰ পৰা গ্ৰাহকক চিনাক্ত কৰাত সহায় কৰিব।

- ভাৰতত ডিজিটেল পেমেণ্টৰ বাবে প্ৰথমটো myApps এপ্লিকেচন মুকলি কৰিলে HDFC বেংকে।

- বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ে ইউৰোপীয় সংঘৰ সদস্য দেশসমূহলৈ ধান ৰপ্তানিৰ বাবে ৰপ্তানি নীতি সংশোধন কৰে।

- অৰুণাচল প্ৰদেশ বিধানসভাই গ্ৰহণ কৰিলে নতুন ল'গ'/প্ৰতীক।

২০১২ – লিয়নেল মেছিয়ে একেৰাহে দ্বিতীয় বছৰৰ বাবে ফিফা বেলন ডি অৰ (শ্ৰেষ্ঠ ফুটবল খেলুৱৈ) বঁটা লাভ কৰে।

২০১১ - ইৰাণ এয়াৰ ফ্লাইট ২৭৭ দুৰ্ঘটনাগ্ৰস্ত হৈ ৭৭ জন লোকৰ মৃত্যু হয়।

২০১০ - ৰুচিকা গোচৰৰ তদন্তৰ বাবে হাৰিয়ানা চৰকাৰৰ অনুৰোধ চিবিআইয়ে মানি লয়।

২০০৯ - ৰাজহুৱা খণ্ডৰ অসাধাৰণ কামৰ বাবে লোকসভাৰ অধ্যক্ষ সোমনাথ চেটাৰ্জীক বেবী জন ফাউণ্ডেচন বঁটাৰ বাবে নিৰ্বাচিত কৰা হয়।

২০০৮ – হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী প্ৰেম কুমাৰ ধুমলে নিজৰ মন্ত্ৰীসভাত ৯ জন মন্ত্ৰী সংযোজন কৰে।

- শ্ৰীলংকাৰ সেনাই দখল কৰিলে এলটিটিইৰ ভূখণ্ড।

২০০৭ – জাপানত প্ৰথম ৰাজ্যিক মন্ত্ৰালয় গঠন হয়।

২০০৫ – আৰাফাতক পেলেষ্টাইন মুক্তি সংস্থাৰ শীৰ্ষ পদৰ পৰা অপসাৰণৰ নিৰ্বাচন।

- পেলেষ্টাইনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়লাভ পিএলঅ’ৰ সভাপতি মাহমুদ আব্বাছ।

২০০১ – বাংলাদেশলৈ হিন্দু সম্পত্তি ঘূৰাই দিয়াৰ বিধেয়ক অনুমোদন।

১৯৯১ – ইৰাকে ওমান দখলৰ সন্দৰ্ভত জেনেভা শান্তি সন্মিলনত আমেৰিকা আৰু ইৰাকৰ প্ৰতিনিধিৰ বৈঠক।

১৯৮২ - প্ৰথম ভাৰতীয় বৈজ্ঞানিক দল এন্টাৰ্কটিকাত উপস্থিত হয়।

১৯৭০ – ছিংগাপুৰত সংবিধান গৃহীত হয়।

১৯৪১ - ৰোমানিয়াৰ ৰাজধানী বুখাৰেষ্টত ছহাজাৰ ইহুদীক হত্যা কৰা হয়।

১৯২৩ – জুয়ান দে লা চিয়েৰভাই প্ৰথমখন অটোজাইৰ’ বিমান নিৰ্মাণ কৰে।

১৯১৮ - ভালুক উপত্যকাৰ যুদ্ধঃ ৰঙা ভাৰতীয় আৰু আমেৰিকান সৈন্যৰ মাজত চূড়ান্ত যুদ্ধ আৰম্ভ হয়।

১৯১৫ – দক্ষিণ আফ্ৰিকাৰ পৰা উভতি আহি মহাত্মা গান্ধী মুম্বাইত উপস্থিত হয়।

১৮১৬ – ছাৰ হামফ্ৰে ডেভিয়ে খনিকৰৰ বাবে প্ৰথম ডেভি লেম্প পৰীক্ষা কৰে।

১৭৯২ – তুৰস্ক আৰু ৰাছিয়াই শান্তি চুক্তি স্বাক্ষৰ কৰে।

১৭৬৮ – ফিলিপ এষ্টলীয়ে প্ৰথম আধুনিক চাৰ্কাছ পৰিবেশন কৰে।

১৭১৮ – ফ্ৰান্সে স্পেইনৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে।

১৪৩১ – ফ্ৰান্সত জোয়ান অৱ আৰ্কৰ বিচাৰ আৰম্ভ হয়।

জন্ম

২০০০ – হিমা দাস - আই এ এ এফ বিশ্ব ২০ বছৰ অনুৰ্ধ এথলেটিকছ চেম্পিয়নশ্বিপত ৪০০ মিটাৰ দৌৰত স্বৰ্ণ পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা খেলুৱৈ।

১৯৮৩ – শৰদ মালহোত্ৰা - ভাৰতীয় টেলিভিছন অভিনেতা।

১৯৭৪ – ফাৰহান আখতাৰ - ভাৰতীয় বলীউডৰ পৰিচালক, অভিনেতা, চলচ্চিত্ৰ প্ৰযোজক, আৰু গায়ক।

১৯৬১ - সুনীল লাহৰী - ভাৰতীয় অভিনেতা যিয়ে ৰামায়ণ ধাৰাবাহিকত লক্ষ্মণৰ চৰিত্ৰত অভিনয় কৰিছিল।

১৯৩৪ – মহেন্দ্ৰ কাপুৰ - হিন্দী চিনেমাৰ বিখ্যাত প্লেবেক গায়ক।

১৯২৭ - সুন্দৰলাল বহুগুণ - প্ৰখ্যাত পৰিৱেশবিদ আৰু চিপকো আন্দোলনৰ বিশিষ্ট নেতা।

১৯২২ - হৰগোবিন্দ খুৰানা - ভাৰতীয় জৈৱ ৰসায়নবিদ, শৰীৰবিজ্ঞানৰ ক্ষেত্ৰত চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা লাভ কৰে।

১৯২১ – ৰামসুন্দৰ দাস - ভাৰতীয় ৰাজনীতিবিদ আৰু বিহাৰৰ মুখ্যমন্ত্ৰী।

১৮৮৯ – বৃন্দাবনলাল ভাৰ্মা - ঐতিহাসিক ঔপন্যাসিক আৰু ৰচনাকাৰ।

১৮৩১ – ফাতিমা শ্বেখ - প্ৰথম মুছলমান মহিলা শিক্ষয়িত্ৰী।

মৃত্যু

২০২৪ - উস্তাদ ৰছিদ খান - বিখ্যাত ভাৰতীয় শাস্ত্ৰীয় গায়ক আৰু সুৰকাৰ।

২০০৩ – কমাৰ জালালাবাদী - ভাৰতীয় হিন্দী চিনেমাৰ বিখ্যাত গীতিকাৰ আৰু কবি।

১৯৪৫ – ছোতু ৰাম - ভাৰতীয় স্বাধীনতা সংগ্ৰামী আৰু ৰাজনীতিবিদ।

গুৰুত্বপূৰ্ণ অনুষ্ঠান আৰু উদযাপন

প্ৰবাসী ভাৰতীয় দিৱস

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande