
কাঠমাণ্ডু, ০৭ জানুৱাৰী (হি.স.)। ৰাষ্ট্ৰীয় সভা নিৰ্বাচনৰ বাবে নেপালী কংগ্ৰেছ আৰু চিপিএন (ইউএমএল)ৰ সৈতে মিত্ৰতাৰ চুক্তিত উপনীত নোহোৱাৰ পিছত পুষ্প কমল দাহাল প্ৰচণ্ডৰ নেতৃত্বত নেপালী কমিউনিষ্ট পাৰ্টিয়ে ১৮খন আসনৰ আটাইকেইখনতে নিজাকৈ প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
দলৰ আহ্বায়ক প্ৰচণ্ড আৰু সহ আহ্বায়ক মাধৱ নেপালে টিকট বিতৰণ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। চিপিএনে সকলো ৰাজ্যতে নিজৰ প্ৰাৰ্থী ঘোষণা কৰিছে। দলৰ তালিকা অনুসৰি কোচি প্ৰদেশৰ পৰা খেমৰাজ সুন্দাছ, হেমৰাজ ঘিমিৰে, আৰু নমিতা নিউপানে মনোনীত হৈছে। একেদৰে মধেশ প্ৰদেশৰ পৰা ৰমানন্দন প্ৰসাদ, লক্ষ্মণ পৌডেল, শম্ভু পাছৱান, আৰু সমীকুমাৰী আগৰৱাল, আৰু বাগমতী প্ৰদেশৰ পৰা প্ৰেম প্ৰসাদ সাপকোটা আৰু সৰোজ কুমাৰী ঝাক মনোনীত কৰা হৈছে।
চিপিএনে গণ্ডকি অঞ্চলৰ পৰা কপিল লামা, দুৰ্গা ভাণ্ডাৰী, বৃহস্পতি অধিকাৰী আৰু লুম্বিনীৰ পৰা সৰ্জন বিক, কৰ্ণালীৰ পৰা বুদ্ধ প্ৰসাদ শৰ্মা আৰু অঞ্জু মহাত্ৰক, সুদুৰপছিমৰ পৰা টিকাৰম জয়ী আৰু ৰ’জী বাছনেত সুনাৰক মনোনীত কৰিছে।
हिन्दुस्थान समाचार / Manoj Kumar Saikia