নেপালৰ উচ্চ সদনৰ নিৰ্বাচনত অলি-দেউবাৰ মিত্ৰতা গঠন, প্ৰচণ্ড বাহিৰ
কাঠমাণ্ডু, ০৭ জানুৱাৰী (হি.স.)। নেপালৰ সংসদৰ উচ্চ সদনৰ ৰাষ্ট্ৰীয় সভাৰ ১৮খন আসনৰ নিৰ্বাচনত নেপালী কংগ্ৰেছ আৰু নেপালী কমিউনিষ্ট পাৰ্টি (ইউনিফাইড মাৰ্ক্সবাদী-লেনিনবাদী) আসন ভাগ-বতৰা চুক্তিত উপনীত হয়, নেপালী কমিউনিষ্ট পাৰ্টি (মাওবাদী কেন্দ্ৰ) মিত্ৰতা
तीन पूर्व प्रधानमंत्री प्रचण्ड देउवा और ओली


কাঠমাণ্ডু, ০৭ জানুৱাৰী (হি.স.)। নেপালৰ সংসদৰ উচ্চ সদনৰ ৰাষ্ট্ৰীয় সভাৰ ১৮খন আসনৰ নিৰ্বাচনত নেপালী কংগ্ৰেছ আৰু নেপালী কমিউনিষ্ট পাৰ্টি (ইউনিফাইড মাৰ্ক্সবাদী-লেনিনবাদী) আসন ভাগ-বতৰা চুক্তিত উপনীত হয়, নেপালী কমিউনিষ্ট পাৰ্টি (মাওবাদী কেন্দ্ৰ) মিত্ৰতাৰ পৰা আঁতৰি যায়।

ৰাষ্ট্ৰীয় সভা নিৰ্বাচনৰ বাবে মনোনয়নৰ অন্তিম দিনটোত প্ৰাক্তন প্ৰধানমন্ত্ৰী কে.পি. শৰ্মা অলি আৰু শ্বেৰ বাহাদুৰ দেউবাই চূড়ান্ত মিত্ৰতাত অৱতীৰ্ণ হয়। আসনৰ সংখ্যাক লৈ পুষ্প কমল দাহাল প্ৰচণ্ডই মতানৈক্য প্ৰকাশ কৰি চিপিএন-মাওবাদী কেন্দ্ৰৰ মিত্ৰতা পৃথক কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। ইয়াৰ পিছতে নেপালী কংগ্ৰেছ আৰু চিপিএন (ইউএমএল)ৰ মাজত মিত্ৰতা গঠন হয়।

চুক্তি অনুসৰি কংগ্ৰেছক ৯খন আৰু চিপিএন (ইউএমএল)ক ৮খন আসন দিয়া হ’ব। সংসদৰ উচ্চ সদনৰ ১৮খন আসনত এখন আসন মধেচী নেতা মহন্ত ঠাকুৰৰ বাবে সংৰক্ষিত কৰা হৈছে। ঠাকুৰে কংগ্ৰেছ-ইউনিয়নৰ সমৰ্থনতো প্ৰতিদ্বন্দ্বিতা কৰিছে।

কংগ্ৰেছে কোশীৰ পৰা সুনীল থাপা, মধেচীৰ পৰা ধমেন্দ্ৰ পাছৱান আৰু ৰঞ্জিত কৰ্ণ, বাগমাটিৰ পৰা গীতা দেৱকোটা, গণ্ডাকিৰ পৰা জগত টিমিলচিনা, লুম্বিনীৰ পৰা বসুদেৱ জাংলি আৰু চন্দ্ৰ বাহাদুৰ কে চি, কৰ্ণালীৰ পৰা ললিত বাহাদুৰ শ্বাহী আৰু সুদুৰপাছচিমৰ পৰা খাম্ বাহাদুৰ খাটিক ৯ খন আসনৰ বাবে মনোনীত কৰিছে।

একেদৰে কোশীৰ পৰা ৰোশনি মেচে, বাগমাটিৰ পৰা ডাঃ প্ৰেম কুমাৰ দংগল, গণ্ডিকৰ পৰা সম্ঝনা দেৱকোটা, লুম্বিনীৰ পৰা ৰাম কুমাৰী ঝাকৰী, কৰ্ণালীৰ পৰা মীনা ৰাখাল, আৰু সুদুৰপছিমৰ পৰা লীলা কুমাৰী ভাণ্ডাৰীক আঠখন আসনৰ বাবে মনোনীত কৰিছে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande