ইৰাণৰ ওপৰত আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পৰ আগ্ৰহক লৈ কৌতুহলৰ সৃষ্টি
ৱাশ্বিংটন, ০৬ জানুৱাৰী (হি.স.)। ইৰাণৰ ওপৰত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ আগ্ৰহক লৈ কৌতুহলৰ সৃষ্টি কৰিছে। মেক ইৰাণ গ্ৰেট এগেইন টুপী লৈ ট্ৰাম্পৰ এখন নতুন ফটোয়ে দৃষ্টি আকৰ্ষণ কৰিছে। ইৰাণত চলি থকা প্ৰতিবাদ সন্দৰ্ভত এতিয়াও প্ৰত্যক্ষভাৱে কোনো
सीनेटर लिंडसे ग्राहम और डोनाल्ड ट्रंप। फोटो - लिंडसे ग्राहम के एक्स अकाउंट से


ৱাশ্বিংটন, ০৬ জানুৱাৰী (হি.স.)। ইৰাণৰ ওপৰত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ আগ্ৰহক লৈ কৌতুহলৰ সৃষ্টি কৰিছে। মেক ইৰাণ গ্ৰেট এগেইন টুপী লৈ ট্ৰাম্পৰ এখন নতুন ফটোয়ে দৃষ্টি আকৰ্ষণ কৰিছে। ইৰাণত চলি থকা প্ৰতিবাদ সন্দৰ্ভত এতিয়াও প্ৰত্যক্ষভাৱে কোনো মন্তব্য কৰা নাই ট্ৰাম্পে।

ইৰাণ ইণ্টাৰনেশ্যনেলে প্ৰকাশ কৰা অনুসৰি চিনেটৰ লিণ্ডচে গ্ৰেহামে এই ফটোখন তেওঁৰ এক্স একাউণ্টত শ্বেয়াৰ কৰিছে। এয়াৰ ফৰ্চ ৱানত এই দুয়োজনে হাঁহি থকা দেখা গৈছে, ট্ৰাম্পে টুপীটো হাতত লৈছে। ট্ৰাম্পে প্ৰথমবাৰৰ বাবে জুন মাহত, ১২ দিনীয়া যুদ্ধৰ সময়ত কৈছিল যে যদি ইৰাণৰ শাসকসকলে ইৰাণক পুনৰ মহান কৰিব নোৱাৰে, তেন্তে শাসন ব্যৱস্থা পৰিৱৰ্তনৰ কথা বিবেচনা কৰা উচিত।

গ্ৰেহামে লিখিছে, এনানায়কত্ববাদৰ বিৰুদ্ধে থিয় দিয়া ইৰাণৰ সাহসী জনসাধাৰণক ভগৱানে আশীৰ্বাদ কৰক আৰু নিৰাপদ হওক। তেওঁ সমগ্ৰ দেশতে চলি থকা প্ৰতিবাদৰ কথা উল্লেখ কৰে। ৱাশ্বিংটন ইনষ্টিটিউটৰ ইৰাণ বিষয়ৰ বিশেষজ্ঞ হলী ডাগ্ৰেছে কয় যে এই ফটোখন বহু ধৰণে ব্যাখ্যা কৰিব পাৰি, কিন্তু ইয়াৰ পৰা অন্ততঃ ইৰাণৰ বিষয়টো ৰাষ্ট্ৰপতি ট্ৰাম্পৰ দৃষ্টিগোচৰ হোৱাটো দেখা যায়।

ডাগ্ৰেছে কয় যে, বিশ্বৰ বেছিভাগ মনোযোগ ভেনিজুৱেলাৰ ওপৰত। এই টুপীটোৰ সৈতে পোজ দি ৰাষ্ট্ৰপতি ট্ৰাম্পে দেখুৱাইছে যে তেওঁ ইৰাণৰ ওপৰতো মনোনিৱেশ কৰিছে। ডাগ্ৰেছে কয় যে ৰাষ্ট্ৰপতিগৰাকীৰ পৰৱৰ্তী পদক্ষেপ কি হ’ব সেয়া বুজাটো কঠিন। উল্লেখযোগ্য যে সমগ্ৰ ইৰাণত প্ৰতিবাদকাৰীসকলে দেশখনৰ সৰ্বোচ্চ নেতাৰ বিৰুদ্ধে শ্লোগান দি আহিছে।

ইফালে ইৰাণ কৰ্তৃপক্ষই প্ৰতিবাদকাৰীক হত্যা কৰিলে আমেৰিকাই কঠোৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব বুলি দুবাৰকৈ সকীয়াই দিছে ট্ৰাম্পে। মানৱ অধিকাৰ কৰ্মী নিউজ এজেন্সীৰ তথ্য অনুসৰি ইৰাণৰ প্ৰতিবাদৰ নৱম দিনালৈকে কমেও ১৯ জন প্ৰতিবাদকাৰী আৰু নিৰাপত্তা বাহিনীৰ এজন সদস্য নিহত হৈছে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande