ইৰাণৰ ২৭খন প্ৰদেশত প্ৰতিবাদৰ সূত্ৰপাত, নিৰাপত্তাৰক্ষীৰ গুলীচালনাত নিহত ২৯জন
তেহৰাণ (ইৰাণ), ০৬ জানুৱাৰী (হি.স.)। ইৰাণত ৯ দিনীয়া প্ৰতিবাদত কমেও ২৯ জন সাধাৰণ নাগৰিক নিহত হোৱাৰ লগতে ১২০০ৰো অধিক লোকক গ্ৰেপ্তাৰ কৰা হয়। ৰাইজে মুকলিকৈ বিৰোধিতা কৰিছে দেশৰ সৰ্বোচ্চ নেতা আলী খামেনেইৰ। দেশখনত মুদ্ৰাস্ফীতিৰ বিৰুদ্ধে আন্দোলনে কঁপাইছে
ईरान में एक प्रदर्शनकारी दीवार पर सुप्रीम लीडर अली खामेनेई के खिलाफ नारा लिख रहा है। फोटो - इंटरनेट मीडिया


তেহৰাণ (ইৰাণ), ০৬ জানুৱাৰী (হি.স.)। ইৰাণত ৯ দিনীয়া প্ৰতিবাদত কমেও ২৯ জন সাধাৰণ নাগৰিক নিহত হোৱাৰ লগতে ১২০০ৰো অধিক লোকক গ্ৰেপ্তাৰ কৰা হয়। ৰাইজে মুকলিকৈ বিৰোধিতা কৰিছে দেশৰ সৰ্বোচ্চ নেতা আলী খামেনেইৰ। দেশখনত মুদ্ৰাস্ফীতিৰ বিৰুদ্ধে আন্দোলনে কঁপাইছে খামেনেইৰ স্থিতি। অশান্তিৰ জুই পবিত্ৰ চহৰ ক’মত উপনীত হৈছে। ২৭খন প্ৰদেশৰ ৮৮খন চহৰৰ কমেও ২৫৭টা স্থানত অশান্তিৰ সৃষ্টি হৈছে।

ইৰাণ ইণ্টাৰনেশ্যনেলৰ এক প্ৰতিবেদন অনুসৰি আমেৰিকান হিউমেন ৰাইটছ এক্টিভিষ্ট নিউজ এজেন্সীয়ে এই কথা প্ৰকাশ কৰিছে। সোমবাৰে সংস্থাটোৱে প্ৰকাশ কৰা বিবৃতি অনুসৰি বিগত ২৪ ঘণ্টাত ৭ জন প্ৰতিবাদকাৰীৰ মৃত্যু হোৱা বুলি নিশ্চিত কৰা হৈছে। আজনা, মাৰভাদাষ্ট, আৰু কোৰভেহত নিৰাপত্তাৰক্ষীৰ গুলীচালনাত এই লোকসকল নিহত হয়। এই সংঘৰ্ষত দুজন নিৰাপত্তাৰক্ষীকে ধৰি ২৯ জন লোকৰ মৃত্যু হৈছে। এই সময়ছোৱাত কমেও ৬৪ জন প্ৰতিবাদকাৰী আহত হয়।

খবৰ অনুসৰি আন্দোলনৰ সমৰ্থনত ছাত্ৰ-ছাত্ৰীও ওলাই আহিছে। ১৭খন বিশ্ববিদ্যালয়তো প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। এই পৰ্যন্ত ১২০৩ জন প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে। বজনৰ্ড, কাজভিন, ইছফাহান, তেহৰাণ, বাবোলত বৃহৎ পৰিসৰৰ গ্ৰেপ্তাৰ হৈছে। দেশত ইণ্টাৰনেটৰ ব্যৱহাৰত বাধা আৰোপ কৰা হৈছে, নিৰাপত্তাৰ ক্ষেত্ৰত বাধা আৰোপ কৰা হৈছে, স্বতন্ত্ৰ উৎসৰ সুবিধাও সীমিত কৰা হৈছে। ইৰাণৰ বৈদেশিক মন্ত্ৰালয়ে সোমবাৰে আমেৰিকা আৰু ইজৰাইলে ইৰাণৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ কৰি হিংসাত্মক পৰিস্থিতিৰ উচটনি দিয়াৰ অভিযোগ উত্থাপন কৰে।

ইৰাণৰ মেহৰ নিউজ এজেন্সীৰ তথ্য অনুসৰি সোমবাৰে দেশখনৰ ন্যায়পালিকাৰ মুৰব্বী গোলামহোছেইন মহছেনীয়ে কয় যে অশান্তিৰ সময়ত মানুহে ধৈৰ্য্য ধৰিব লাগে। ইছলামিক ব্যৱস্থাই বিপথে পৰিচালিত লোকসকলক হিংসা পৰিত্যাগ কৰাৰ সুযোগ দিব। শান্তিপ্ৰেমী লোকসকলক দাঙ্গাকাৰীৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনায়। প্ৰতিবাদকাৰী আৰু সমালোচকৰ উদ্বেগ শুনা হ’ব বুলিও তেওঁ কয়। ন্যায়পালিকাৰ মুৰব্বীগৰাকীয়ে কয় যে সংঘৰ্ষকাৰীৰ সৈতে দৃঢ়তাৰে মোকাবিলা কৰা হ’ব। ইৰাণৰ ন্যায়পালিকাৰ মুৰব্বীগৰাকীয়ে কয় যে তেওঁ সমগ্ৰ দেশৰ এটৰ্নী জেনেৰেল আৰু প্ৰচিকিউটৰসকলক আইন অনুসৰি আৰু দৃঢ়তাৰে সংঘৰ্ষকাৰী আৰু তেওঁলোকক সমৰ্থন কৰাসকলৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ নিৰ্দেশ দিছে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande